দুৰ্গোৎসৱ আৰু বৃক্ষ পূজা
বন্দিতা শৰ্মা কন্দলি
প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজা প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। দুৰ্গ শব্দই দৈত্য,কুকৰ্ম,শোক-দুখ,মহাভয়,অতিৰোগ আদিক বুজায়।’আ’- কাৰৰ অৰ্থ নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে তেওঁৱেই দুৰ্গা। আনহাতে দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত ‘দ’ শব্দৰ অৰ্থ দৈত্য নাশক, উ -কাৰৰ অৰ্থ বিঘিনি নাশ,ৰ—- ৰোগ নাশ,গ— পাপ নাশ, অ —– ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমান বোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা।যুগে যুগে হিন্দু ধৰ্মৰ শাক্ত ধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল,বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে। এই পুজা চাৰিদিন হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধনেৰে’ দেৱী পূজা আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক,বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ।যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজা আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত ন বিধ শস্য যেনে— কলগছ,মানকঁচু,হালধি,ধানগছ, জয়ন্তী ফুলৰ গছ,ডালিম, অশোক,বগা অপৰাজিতা আৰু বেল থাকে।এই ন বিধ দ্ৰব্য হালধীয়া সুতাৰে কলপুলি ত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।
হিন্দু বিধিমতে ঘট স্থাপন কৰি কৰা পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয়।এই পঞ্চপল্লৱ হৈছে আম,আঁহত,বৰগছৰ(বট),জৰি আৰু যজ্ঞডিমৰুৰে সৈতে পাঁচবিধ গছৰ সমষ্টি। পঞ্চপল্লৱ ঘট স্থাপন কৰোঁতে ঘটৰ সোঁমাজত আমৰ ঠালি দি তাৰ আশে-পাশে আন চাৰিবিধৰ ঠালি দিয়া হয়। পঞ্চপল্লৱ পঞ্চদেৱতাৰ নামত অৰ্পণ কৰা হয়। পঞ্চদেৱতা হৈছে সূৰ্য, গণেশ, দুৰ্গা,শিৱ, আৰু বিষ্ণু। তাৰোপৰি প্ৰতিটো ডালতে পাঁচ খিলাকৈ পাত থাকিব লাগে বুলি বিশ্বাস কৰা হয়। দুৰ্গা পূজাত ঘট স্থাপন কৰোঁতে ঘটৰ পানীত ধান,শিলিখা আৰু কঁঠাল গছৰ পাতো দিয়া হয়। তুলসী,দূবৰিকে আদি কৰি পূজাত ব্যৱহৃত হোৱা সকলো বৃক্ষৰ ধৰ্মীয়, বৈজ্ঞানিক আৰু অৰ্থনৈতিক ভাৱে সবল।
হিন্দু শাস্ত্ৰ মতে দানৱ সকলে যেতিয়া স্বৰ্গ অধিকাৰ কৰি দেৱ – দেৱী সকলক স্বৰ্গৰ পৰা খেদি পঠিয়াইছিল তেতিয়া তেওঁলোকে এই আঁহত গছৰ তলত আশ্ৰয় লৈছিল বুলি বিশ্বাস আছে। সেয়ে আঁহত গছক পবিত্ৰ উদ্ভিদ হিচাপে গণ্য কৰি আহিছে। পূজা পাৰ্বণত ব্যৱহৃত এই গছ সমূহে জীৱ জগতৰ অৰ্থনৈতিক দিশত যথেষ্ট অৰিহণা যোগোৱাৰ উপৰিও সেইবোৰ কীট-পতংগ আৰু বিভিন্ন চৰাইৰ আশ্ৰয়স্থল। দেৱ- দেৱীৰ পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয়,যাতে প্ৰকৃতিৰ বুকুৰ পৰা এই গছ সমূহ হেৰাই নেযায়, বহু কাললৈ থাকি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি সকলো প্ৰাণীৰে মংগল সাধন কৰে।দুৰ্গা পূজাত লাগে বাবেই ভক্তপ্ৰাণ লোকে এই গছ সমূহ সংৰক্ষণ কৰি আহিছে। প্ৰকৃত ধাৰ্মিকে সদায় ধৰ্মৰ আভ্যন্তৰীণ আৰু দৰ্শনগত, আধ্যাত্মিক দিশটোকহে প্ৰাধান্য দিয়ে বাহ্যিকতাক নিদিয়ে। বৰ্তমান পূজাৰ যি বাহ্যিক ৰূপ দেখিবলৈ পোৱা যায়, এই ৰূপে পৰিৱেশ প্ৰদূষিত হে কৰিছে। সেয়ে দুৰ্গা পূজা উদ্ যাপন হ’ব লাগিব মানুহৰ সমন্বয় সম্প্ৰীতি,সুখ সমৃদ্ধিৰ উদ্দেশ্যে, সমাজৰ বিকাশ, পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত।