দিল্লীত বায়ু প্ৰদূষণৰ বাবে অভাৱনীয় পৰিস্থিতি

Pc- NDtv.com

দিল্লীত বায়ু প্ৰদূষণৰ বাবে অভাৱনীয় পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- দীপাৱলীৰ পাছত দিল্লীত দেখা গৈছে অভাৱনীয়ভাৱে বায়ু প্ৰদূষণ। দীপাৱলীত হোৱা আতচবাজীৰ বাবে বায়ু প্ৰদূষণ ইমানেই বৃদ্ধি পাইছে যে শিশুৰ পৰা বৃদ্ধলৈকে কেইমিনিটৰ বাবে ঘৰৰ বাহিৰ ওলালেই  চকুৰে পানী নিগৰি আহে আৰু অত্যাধিক কাহত লেবেজান হ’বলগীয়া অৱস্থাত।দিল্লীত বায়ু প্ৰদূষণ পূৰ্বৰে পৰা দেশৰ অন্যান্য মহানগৰতকৈ বেছি।আতচবাজীৰ বাবে দিল্লীৰ আকাশ হৈ থাকে ধোঁৱাচ্ছন্ন। ইফালে, শাসকীয় আম আদমী পাৰ্টী চৰকাৰে দীপাৱলীত এই অত্যধিক আতচবাজীৰ বাবে জগৰীয়া কৰিছে বিজেপিক। বিজেপিৰ নেতাসকলৰ বাবে দিল্লীত বহু সতর্কতা সত্ত্বেও দীপাৱলীত আতচবাজীৰ ব্যৱস্থা কৰিছিল জনসাধাৰণে। মুহুৰ্তৰ ভিতৰতে দিল্লীত বায়ু প্ৰদূষণ মাত্ৰাধিক হৈ পৰে।