দিপৰ বিলৰ পাৰত শিল্পী-সাংবাদিকৰ আড্ডা ‘লংকাকাণ্ড’ৰ

Pc- ETV Bharat

দিপৰ বিলৰ পাৰত শিল্পী-সাংবাদিকৰ আড্ডা ‘লংকাকাণ্ড’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ দিপৰ বিলৰ পাৰত অহা ২৮ অক্টোবৰত চিত্ৰগৃহলৈ আহিবলগীয়া অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ সকলো শিল্পী, কলাকুশলীয়ে শিল্পী আৰু সাংবাদিকৰ সৈতে এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। অসমীয়া চিনেমাৰ প্ৰসাৰ আৰু গুৰুত্ব সম্পৰ্কে কেতবোৰ বক্তব্য প্ৰদান কৰে শিল্পী তথা সাংবাদিকসকলে। সাংবাদিক হেমন্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা চম্পক শৰ্মা, অতুল পাচনি, বিবেক বৰা, চিৰঞ্জীৱ বৰা, ভ্ৰান্তি মেধি প্ৰমুখ্যে বহুতো শিল্পী। আৰ. বি. প্ৰডাকচনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ কাহিনী-চিত্ৰনাট্য ৰজনী বৰ্মন (ৰাজ)ৰ। প্ৰযোজনা কৰিছে মনিষ আগৰৱালাই৷ সহযোগী প্ৰযোজক গণেশ প্ৰসাদ, টুনটুন শইকীয়া বৰ্মন, গোবিন চন্দ্ৰ বড়ো৷ ছবিখনিত অভিনয় কৰিছে ক্ৰমে– নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শৰ্মা, ৰীণা বৰা, অতুল পাচনী, ভ্ৰান্তি মেধি, বিবেক বৰা, মুনমী ফুকন, পল ফুকন, ড॰ আলখ্য বৰুৱা, জুনজুন বৰা, চিৰঞ্জীত বৰা, দোলা পাল, অমূল্য কুমাৰ, ৰমেন তামুলী, বাব্লী বৰা, যতীন খনিকৰ, জয়ন্ত দাস, কবিতা চুতিয়া, লিকুমা শৰ্মা, টুনটুন শইকীয়া বৰ্মন, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, তপন শইকীয়া, প্ৰকাশ মেধি, তৰুণ বৰা আৰু বহুতো ন-পুৰণি শিল্পীৰ লগতে শিশু শিল্পী শ্ৰেয়া, অদিতি নন্দিনী আৰু নিশান৷ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চনু ডেকা আৰু ধৰ্ম থাপা৷ সংগীত পৰিচালনা অজয় ফুকন, গৌতম শৰ্মা, মৃণাল বৈষ্ণৱ৷ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামী আৰু সুদৰ্শন বৰকটকী৷ ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশস, দীপলিনা ডেকা আৰু ৰিটিশাই৷ আৱহ সংগীত অজয় ফুকন, ছাউণ্ড ডিজাইনাৰ অনুপ মুখাৰ্জী (মুম্বাই)৷ পুণঃশব্দ সংযোজন কৰিছে দীপক কুমাৰ দত্ত আৰু বাবুল দাসে৷ সম্পাদনা আৰু ডি.আই কৰিছে শ্যামল দাসে৷ সমৰকলা নিৰ্দেশনা আৰ. কে. শ্ৰী আৰু দাক্ষিণাত্যৰ একশ্বন গ্ৰুপে৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে, অসীম গগৈ, শশীন বৰুৱাই৷ ভি. এফ. এক্স কৰিছে মৃগাংক পাৰ্তিক পৰাশৰ৷ ৰূপসজ্জা ৰুমী গোস্বামী, মিনতি ডেকা আৰু পিযু শৰ্মাৰ৷