দিছপুৰ প্ৰেছ ক্লাবত ‘সাধুকথাৰ ছবি’ উন্মোচন

দিছপুৰ প্ৰেছ ক্লাবত ‘সাধুকথাৰ ছবি’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীস্থিত দিছপুৰ প্ৰেছ ক্লাবত আজি উন্মোচিত হয় তুলিকা ডেকাৰ ‘সাধুকথাৰ ছবি’ শীৰ্ষক এখন কাব্য সংকলন৷জনপ্ৰিয় কণ্ঠশিল্পী চায়নীকা বৈশ্যই আঁত ধৰা উন্মোচন অনুষ্ঠান টোত যুৱ উদ্যোগী তুলিকা ডেকাৰ প্ৰথমখন কাব্য সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰে উপন্যাসিক,গল্পকাৰ,চিত্ৰনাট্যকাৰ প্ৰভাত গোস্বামীয়ে৷লগতে অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট লেখক তথা আৰক্ষী বিষয়া আবু চুফিয়ান,কণ্ঠশিল্পী তথা পৰিচালক সদানন্দ গগৈ,বিশিষ্ট ব্যৱসায়ী গোপাল জালান,পৱন আগৰৱাল,বিশিষ্ট ব্যাক্তি ইন্দ্ৰজিৎ দাস,ধীৰেন্দ্ৰ নাথ বৈশ্য,কৰুনা ডেকা আৰু ভাস্কৰজৌতি কাকতি৷জীৱনৰ তিতা মিঠা অভিজ্ঞতা আৰু সমাজৰ কেতবোৰ সমস্যা সামৰি  লিখা কবিতা সংকলনটি পাঠক সমাজে আদৰি ল’ব বুলি আশা কৰিছে লেখিকা গৰাকীয়ে৷