দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হয় অবৈধ ছিণ্ডিকেট: অসম জাতীয় পৰিষদ

Pc Wikipedia

দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হয় অবৈধ ছিণ্ডিকেট: অসম জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজনৈতিক চাতুৰ্য্যৰে ভাষা-সংস্কৃতিৰ অপকাৰ কৰা তথা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি অবৈধ কাৰ্যকলাপৰ প্ৰতি মৌন সমৰ্থন আগবঢ়োৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যপালৰ ওচৰ পালেগৈ অসম জাতীয় পৰিষদ৷ জাতীয়তাবাদী আঞ্চলিক দলটোৱে আজি অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়াক স্পষ্টভাৱে কয় যে অসমৰ চৰকাৰী চাকৰিত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিত উৎসাহিত কৰি ৰাজ্য চৰকাৰখনে এফালে ৰাজ্যৰ নিবনুৱাসকলৰ অধিকাৰ হৰণ কৰিছে আৰু আনহাতে অসমীয়াসহ ৰাজ্যৰ থলুৱা ভাষাসমূহৰ প্ৰতিও বিপদ মাতি আনিছে৷ তদুপৰি, কয়লা, চুপাৰী, শিল, বালি, কাঠ, গৰু, মাছ, কণী, ব্ৰইলাৰ কুকৰা আৰু আনকি পাচলি ব্যৱসায়ত চলি থকা অবৈধ ছিণ্ডিকেটৰাজক চৰকাৰে নিয়ন্ত্ৰণ নকৰাৰ বাবেই নকল সোণ আৰু নকল টকাৰ অবৈধ ব্যৱসায়ে অসমত খোপনি পুতিবলৈ সক্ষম হৈছে- যাৰ পৰিণতিতে জোনমণি ৰাভা নামৰ এগৰাকী সাহসী আৰক্ষী বিষয়াই প্ৰাণ দিবলগীয়া হয়৷উল্লেখযোগ্য যে অসমৰ চৰকাৰী চাকৰিত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰসংগত এইকেইদিন ৰাজ্যত ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰে নিযুক্তিপত্ৰ বিতৰণ কৰি চাকৰিসমূহত যাতে অন্য ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ দিয়া নহয়, তাৰ প্ৰতি সচেষ্ট হ’বলৈ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠনে ইতিপূৰ্বে সংবাদ মেলৰ জৰিয়তে দাবী উত্থাপন কৰিছে৷ আনহাতে অসম আৰক্ষীৰ উপপৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি বিগত দিনকেইটা ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ আছে৷ তদুপৰি অসমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰি, তাৰে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপাই চৰকাৰে স্কুলে স্কুলে বিতৰণ কৰাৰ পাছত ৰাজ্যৰ শিক্ষক সংগঠনসমূহে তাৰ বিৰোধিতা কৰি পাঠ্যপুথিসমূহ উভতাই আনিবলৈ চৰকাৰক আহ্বান জনোৱাৰ বিষয়টোয়েও বিগত দিনকেইটাত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ উক্ত তিনিওটা বিষয়ত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি আজি অসম জাতীয় পৰিষদে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে৷জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত যোৱা সাতজনীয়া প্ৰতিনিধি দলটোৱে ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়াক সাক্ষাৎ কৰি তেখেতৰ হাতত অৰ্পন কৰা স্মাৰকপত্ৰখনত কোৱা হয় যে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অসম ৰাজ্যৰ চৰকাৰী চাকৰিত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দি ৰাজ্য চৰকাৰে অসমৰ নিবনুৱাসকলৰ অধিকাৰ হৰণ কৰিছে৷ যদি হিন্দী আৰু বাংলাভাষী স্কুলৰ বাবে উক্ত ভাষাভাষী শিক্ষককে নিযুক্তি দিব লাগে তেনেহ’লে অসমৰ বাংলাভাষী আৰু হিন্দীভাষী নিবনুৱাক নিযুক্তি দিয়া হওক৷ এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বহিৰাগত প্ৰাৰ্থীৰ হকে উকালতি কৰা কাৰ্যক সমালোচনা কৰি উক্ত বহিৰাগত প্ৰাৰ্থীসকলৰ নিযুক্তি বাতিল কৰিবলৈ ৰাজ্যপালক উক্ত প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিবলৈ জাতীয় পৰিষদে স্মাৰকপত্ৰ জৰিয়তে অনুৰোধ জনায়৷আনহাতে ৰাজ্যত দীৰ্ঘদিন ধৰি ধৰি চলি অহা কয়লা, চুপাৰি, কাঠ, শিল, বালি, মাছ, কণী, ব্ৰইলাৰ কুকুৰা আদি চিণ্ডিকেটৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি স্মাৰকপত্ৰখনত জাতীয় পৰিষদে কয় যে উক্ত অবৈধ কাৰ্যসমূহ দিছপুৰৰ শক্তিশালী চক্ৰৰ পৃষ্ঠপোষকতাত চলি আহিছে বুলি দলটোয়ে দীৰ্ঘদিনৰে পৰা কৈ আহিছে৷ বিশেষকৈ কয়লা ছিণ্ডিকেট বন্ধৰ দাবীৰে দলটোৱে প্ৰধানমন্ত্ৰীসহ দেশৰ শীৰ্ষ পদৱীধাৰী মুৰব্বীসকললৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে৷ আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি কয়লাৰ অবৈধ খনন আৰু পৰিবহন বন্ধ কৰিবলৈ চৰকাৰক স্পষ্টভাৱে নিৰ্দেশনা দিছে৷ তৎস্বত্বেও চৰকাৰে এই দিশত একো পদক্ষেপ কৰা নাই৷ ফলত অবৈধ কাম-কাজ কৰি থকা চক্ৰসমূহে এনে কাম কৰিবলৈ উৎসাহিত হৈ আহিছে৷ নকল সোণৰ কাৰবাৰী বা নকল টকা বেপাৰী চক্ৰৰ উত্থান তাৰেই পৰিণতি৷ উক্ত চক্ৰবোৰৰ কাৰণেই জোনমণি ৰাভাৰ দৰে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু পৰ্যন্ত হ’বলগীয়া হ’ল বুলি উল্লেখ কৰি দলটোৱে ৰাজ্যপালক অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেট বন্ধৰ ক্ষেত্ৰত নিজাববীয়াকৈ পদক্ষেপ হাতত লবলৈ অনুৰোধ জনায়৷
একদৰে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰি তাৰে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি ইতিমধ্যে বিতৰণ কৰাৰ প্ৰসংগত স্মাৰকপত্ৰখন জাতীয় পৰিষদে কয় যে এই বিষয়টোক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্থানীয় ভাষা বা মাতৃভাষাত শিক্ষা প্ৰদানক উৎসাহিত কৰাৰ প্ৰসংগ উল্লেখ কৰি স্মাৰকপত্ৰখনত দলটোৱে কয় যে ইংৰাজী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে এফালে ৰাষ্ট্ৰীয় শিক্ষা নীতি উলংঘা কৰিছে আৰু আনহাতে অসমীয়াসহ থলুৱা ভাষাসমূহক দুৰ্বল কৰিছে৷ গতিকে বিষয়টোত হস্তক্ষেপ কৰি উক্ত ব্যৱস্থা তৎকালে বাতিল কৰিবলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে দলটোৱে ৰাজ্যপালক অনুৰোধ জনায়৷ৰাজ্যপালক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপৰি মুখ্য উপদেষ্টা বসন্ত ডেকা, উপসভাপতি চন্দ্ৰকান্ত দাস আৰু দুলু আহমেদ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনো আছিল৷