দক্ষিণ আফ্ৰিকাৰ সাঁতোৰবিদ টাটাজানৰ অলিম্পিকত বিশ্বাভিলেখ

pc-BusinessLive

দক্ষিণ আফ্ৰিকাৰ সাঁতোৰবিদ টাটাজানৰ অলিম্পিকত বিশ্বাভিলেখ

অনলাইন বাৰ্ত্তাসেৱা– টকিঅʼ অলিম্পিকত মহিলাৰ ২০০ মিটাৰ সাঁতোৰৰ ব্ৰেষ্টষ্ট্ৰʼকত দক্ষিণ আফ্ৰিকাৰ সাঁতোৰবিদ টাটাজানাই গঢ়িলে বিশ্ব অভিলেখ। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ ২৪ বছৰীয়া সাঁতোৰবিদে টকিঅʼ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰাৰ লগতে এক নতুন বিশ্ব অভিলেখ গঢ়িলে।২ঃ১৮ঃ৯৫ মিনিটত  খেলুৱৈগৰাকীয়ে উক্ত ইভেণ্টৰ সাঁতোৰ শেষ কৰি সকলোকে আচৰিত কৰি তুলে। ২ঃ১৯ঃ১১ মিনিট সময় লৈ ইয়াৰ পূৰ্বে এই শাখাত ডেনমাৰ্কৰ ৰিকী মʼলাৰে বিশ্ব অভিলেখ গঢ়ি থৈছিল। টাটাজানাই এই অভিলেখ ভংগ কৰে ।১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰʼকতো ৰুপৰ পদক অৰ্জন কৰিছে টাটাজানাই।

(R.T)