ত্ৰিপুৰা চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩১টকা লৈ বৃদ্ধি কৰিছে

pc. FreePress Journal

ত্ৰিপুৰা চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩১টকা লৈ বৃদ্ধি কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেৱে ৰাজ্যখনৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ মজুৰি ৩১ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ‘মুখ্যমন্ত্ৰী চা শ্ৰমিক কল্যাণ প্ৰকল্প’ আঁচনিৰ অধীনত মজুৰি বৰ্তমানৰ ১০৫ ৰ পৰা ১৩৬ লৈ বৃদ্ধি কৰা হ’ব। “ত্ৰিপুৰাত বিয়পি থকা ৫৪ টা চাহ বাগিচাৰ ওপৰত নিৰ্ভৰশীল ৭,০০০ তকৈও অধিক পৰিয়াল পোনপটীয়াকৈ লাভান্বিত হ’ব,” দেৱে কয়।