তোমাৰ ভালপোৱা আৰু মই
শৰতৰ নিশাবোৰত বাৰে বাৰে
কেতিয়াবা আকাশৰ তৰাফুল গণিছো
এক,দুই,তিনি,চাৰি…,
কেতিয়াবা কবিতা পঢ়িছো
শাৰদী কবিতা
য’ত নিয়ৰটুপিৰ মধুৰতা
য’ত কঁহুৱাজুপিৰ কোমলতা মাথোঁ।
বহু নিসংগতাৰ বিমুৰ্ত সময় পাৰ কৰি
অতদিনৰ বিৰতিৰ পাৰ ভাঙি
আজি কিছুপৰ মোৰ স’তে
তোমাৰ ভালপোৱা।
নিশ্চুপ নিতাল সমস্ত জগত
অথচ মৌন কোৰ্হাল মনৰ কক্ষত,
চেঁচা পৰা কলিজা
হেৰুৱাব খুজি তোমাৰ ভালপোৱা
এটি নিৰৱতাৰ খোজত।
পাৰ্থপ্ৰতীম শৰণীয়া
-তামুলপুৰ