তোমাৰ প্ৰতিবিম্ব – ডাঃ যুতিকা্ ওজা (গুৱাহাটী চিকিৎসা মহাবিদ্যালয়)

pc- Linkedin

তোমাৰ প্ৰতিবিম্ব – ডাঃ যুতিকা্ ওজা (গুৱাহাটী চিকিৎসা মহাবিদ্যালয়)

ফাগুনৰ পচোৱাই উৰুওৱা

 ধূলিকণাৰ মাজত

দেখিলো তোমাৰ প্ৰতিবিম্ব

  বিয়াকুল হল মন

     দুৰু দুৰু এক মৃদু শিহৰণ

     থৌকি-বাথৌ হিয়া

     বতাহো আজি অঘৰী

          সখী চিত্ৰলেখা

     থেপো থোপে মৰিছে জোনাক

     চন্দ্ৰমাৰ পোহৰৰ তিৰবিৰণি

     অনামী আকুলতাৰে

       মন ভৰি পৰিছে

     খুলি দিলো হৃদয়ৰ দুৱাৰ

     চোৱা সখী, মই উষা হৈ পৰিছো।