আৱাহানঃ প্ৰকৃতি বিনাশকাৰীলৈ – যোগেশ্বৰ কলিতা

pc-Shutterstock

আৱাহানঃ প্ৰকৃতি বিনাশকাৰীলৈ

যোগেশ্বৰ কলিতা

কিনো আশা কৰি

কʼত আছা ঘুৰি

বিচাৰি পাইচা বাৰু কি

হাবি বননি কাটি

পশু-পক্ষী মাৰি

অবাটত দিলা কিয় ভৰি

প্ৰকৃতি ধ্বংস কৰি

প্ৰাণীকুল বধ কৰি

তেজৰ ফাঁকু নেখেলিবি

হিংসাৰ পথ এৰি

প্ৰেম পথেৰে আহি

শুনা প্ৰকৃতিৰ গাত এটি

হে জীনশ্ৰেষ্ঠ মানৱ

আৱাহান তোমালৈ

নহʼবা প্ৰকৃতি বিনাশকাৰী

শুনাহি কাণপাতি

প্ৰকৃতি প্ৰেমৰ কাহানি

শুনি যোৱা শান্তিৰ কবিতা এটি