তোমাৰ অবৰ্তমানত
তোমাৰ অবৰ্তমানত
বৃষ্টিৰ টোপাল বোৰ
নিৰ্বাক হয়
শাওনৰ পথাৰে উচুপি উঠে
বেদনাত শস্যহীন হয়
শীতৰ পথাৰ।
গভীৰ নীৰৱতাত
বেদনাক্লিষ্ট এখন ভয়ানক ছবি
অন্ধ আবেগৰ
তোমাৰ দীঘল চুলিটাৰিত
সৃষ্টিৰ অনুৰাগ
বিশাল নদীৰ উত্তাল ঢৌৰ
হেজাৰ সপোন।
তোমাৰ উজ্জ্বল চকুযুৰিত
বিষাদ নামিলে
মোৰ চকুত চকুলো নিগৰি বয়!
প্ৰাণবন্দৰত
আলফুলে সাঁচি থলো
তোমাৰ ছবি
তোমাৰ অবৰ্তমানত
বৰষুণৰ নিশা
অস্হিৰ ছায়াই মুখ লুকুৱাই
মই যেন নীৰৱ দৰ্শক
এদিন মোৰো মৃত্যু হ’ব
কবিতাত লিখাৰ দৰে….!!
ৰূপালী মহন্ত