ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীতএগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ

ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীতএগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।এগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ৷বাচ্ছু ক’ৰ নামৰ এজন ব্যৱসায়ীয়ে এচিডেৰে আক্ৰমণ কৰে যুৱতী গৰাকীক।এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয়।আক্ৰমণৰ ফলত যুৱতীগৰাকীৰ পিঠি, ডিঙি, বাওঁহাত, গাল আৰু মূৰত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷লগে লগে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়।বৰ্তমান আই চি ইউত চিকিৎসাধীন যুৱতীগৰাকী।ঘটনাটো সংঘটিত কৰিয়ে আক্ৰমণকাৰী বাচ্ছু ক’ৰে ঢেকীয়াজুলি থানাত আত্মসমপৰ্ণ কৰে।যুৱতী গৰাকীক কিয় এচিড আক্ৰমণ কৰিলে তাক বৰ্তমান লৈকে জানিব পৰা নাই।ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।