ডিব্ৰুগড় জিলা সমিতিৰ সাংস্কৃতিক মহাসভা অসমৰ দ্বায়িত্বভাৰ আৰু শপতগ্ৰহণ অনুষ্ঠান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অন্যতম অগ্ৰণী ৰাজ্যিক সংগঠন সাংস্কৃতিক মহাসভা অসমৰ নৱ-নিৰ্বাচিত ডিব্ৰুগড় জিলা সমিতিৰ দ্বায়িত্ব ভাৰ আৰু শপতগ্ৰহণ অনুষ্ঠান মৰাণত অনুষ্ঠিত হৈ যায়।জিলা সমিতি খনৰ নৱ-নিৰ্বাচিত বিষয়ববীয়া সকলক সাংস্কৃতিক মহাসভা অসমৰ সংবিধানৰ প্ৰতি আনুগত্য স্বীকাৰৰ শপত বাক্য পাঠ কৰোৱায় কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়াৰ লগতে সদ্য বিদায়ী সভাপতি প্ৰমোদ দত্তই। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক মহাসভা, অসমৰ গুণমুগ্ধ ব্যক্তি সকলৰ লগতে মৰাণ আৰু খোৱাঙ অঞ্চলৰ বিভিন্ন গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দ্বায়িত্ব ভাৰ আৰু শপতগ্ৰহণ অনুষ্ঠানৰ পিছতেই নৱগঠিত জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত্যু হোৱা জ্ঞাত-অজ্ঞাত সকলোৰে আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়। কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে, আগন্তুক দিনবোৰত জিলা ভিত্তিত সাংগঠনিক সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিত্তীয় দিশৰ ওপৰতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৮ চেপ্তেম্বৰৰত সামৰণি পৰিব লগীয়া সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠান উদযাপনৰ বাবে এখনি সমিতি গঠন কৰা হয় বুলি জানিবলৈ দিছে জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আৰিফা বেগমে।
