ডিব্ৰুগড় জিলাৰ চাবুৱাত সামাজিক অনুষ্ঠান প্ৰিয়দৰ্শিনী’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন 

ডিব্ৰুগড় জিলাৰ চাবুৱাত সামাজিক অনুষ্ঠান প্ৰিয়দৰ্শিনী’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ শিশু আৰু নাৰীৰ সবলীকৰণ, শিক্ষা, প্ৰতিভা বিকাশ আৰু সামাজিক অধিকাৰৰ ক্ষেত্ৰত কাম কৰি অহা সামাজিক অনুষ্ঠান ‘প্ৰিয়দৰ্শিনী’ৰ চতুৰ্থ বৰ্ষপূৰ্তি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ডি. ডি. আৰ. মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। শিশু আৰু নাৰীক আগুৱাই নিয়াৰ লগতে তেওঁলোকৰ প্ৰতিভা, সৃষ্টিশীলতা আৰু আত্মবিশ্বাস বৃদ্ধিৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে ‘প্ৰিয়দৰ্শিনী’য়ে বিভিন্ন সময়ত কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই উদ্দেশ্যে পুৱা ১০ বজাত ভাৰতী দত্ত আৰু কল্যাণী দিহিঙীয়াৰ বৃক্ষৰোপণ কাৰ্যসূচীৰে বৰ্ষপূৰ্তিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হয়।ৰ’জলীন গগৈয়ে আঁতধৰা মুকলি সভাখন ডি. ডি. আৰ. মহাবিদ্যালয়ৰ অধ্যাপিকা কল্পনা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বৰাই। সভাত অধ্যাপিকা মৃদুস্মিতা ঘৰফলীয়াই বিশেষ বক্তব্য আগবঢ়ায়।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, লেখক তথা সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত গৌতম গগৈ আৰু সত্ৰীয়া নৃত্য কলা কেন্দ্ৰৰ অধ্যক্ষা পৰিনীতা হাজৰিকাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। গগৈয়ে ‘প্ৰিয়দৰ্শিনী’য়ে শিশু আৰু নাৰীৰ বাবে কৰি অহা কামৰ শলাগ লৈ তেওঁ নতুন প্ৰজন্মক সাহিত্য, সংস্কৃতি আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন প্ৰজন্মৰ প্ৰসংগত গৌতম গগৈয়ে কয় যে আজিৰ শিশুসকল মোবাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ সৈতে ডাঙৰ হৈ আছে।  অনুষ্ঠানত ড° ৰুণুমা শৰ্মাই ‘এমুঠি জোনাক’ নামৰ কবিতা পুথিখন উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি ড° ৰুণুমা শৰ্মাই সাহিত্যচৰ্চাৰ প্ৰয়োজনীয়তা আৰু নতুন কবি-লেখকক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে বক্তব্যত শিশু আৰু নাৰীৰ প্ৰতিভা বিকাশৰ বাবে এনে সামাজিক অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ‘প্ৰিয়দৰ্শিনী’ৰ কামৰ শলাগ লয়।অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ সাধাৰণ সম্পাদক ব্ৰজেন গগৈয়ে ‘প্ৰিয়দৰ্শিনী’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। বক্তব্যত তেওঁ কয় যে এনে স্মৃতিগ্ৰন্থ কেৱল এখন কিতাপ নহয়; ই এটা অনুষ্ঠানৰ কাম-কাজ আৰু যাত্ৰাৰ বুৰঞ্জী ধৰি ৰখা একো একোখন দলিল।  লগতে তেওঁ আগন্তুক অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশন সফল কৰি তুলিবলৈ চাবুৱাবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি বিজু শৰ্মা, চাবুৱা ডাইটৰ প্ৰবক্তা ভূপেন দাস, মটক সাহিত্য সভাৰ সভাপতি ভাগ্যেশ্বৰ গগৈ, অসম সাহিত্য সভাৰ বিত্ত উপসমিতিৰ উপ-সভাপতি অৰুণ চন্দ্ৰ বৰুৱা, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাই, নৱপ্ৰজন্মৰ লেখক মনজিৎ ৰাজখোৱা, সাংবাদিক পুষ্টক ফুকনৰ লগতে বহু গণ্য-মান্য ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে ইন্দু মিলিয়ে বন্তি প্ৰজ্বলন, ৰূপা গগৈয়ে মাল্যাৰ্পণ, লক্ষী নেওগে স্মৃতি তৰ্পণ আৰু তন্ময়ী দত্তই বৰগীত পৰিৱেশন কৰে। কবিতাপাঠ কৰে গৌৰিত গগৈ, চিত্ৰামণি হাজৰিকা, বন্দিতা গোঁহাই আৰু বিতুমণি ফুকনে। মূৰ্চনা গগৈ, বিশ্ময়নীতা গগৈ আৰু প্ৰজ্ঞা গগৈয়ে নৃত্য পৰিৱেশন কৰে। অনন্যা গগৈয়ে জুবিন গাৰ্গৰ গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোল।অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিয়ে ‘প্ৰিয়দৰ্শিনী’ৰ সামাজিক আৰু সৃষ্টিশীল কামৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু সঁহাৰি প্ৰতিফলিত কৰে।পুষ্পাঞ্জলী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।