ডিব্ৰুগড়ত‘প্ৰহৰী’ৰ জিলা দিৱস উদ্যাপন:ডাঃ ভৱানী প্ৰসাদ চলিহা-অনুবাদক দেৱীপ্ৰসাদ বাগড়োদিয়াক ‘প্ৰহৰী প্ৰভাকৰ, ডিব্ৰুগড়’ সন্মান প্ৰদান: উপাচাৰ্যকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰৰ পূব মিলন নগৰ নিৱাসী তথা আন্তঃৰাষ্ট্ৰীয় প্ৰসূতি ৰোগ বিশেষজ্ঞ, সমাজকৰ্মী ডাঃ ভৱানী প্ৰসাদ চলিহা আৰু জ্যোতিনগৰ নিবাসী তথা বিশিষ্ট অনুবাদ সাহিত্যিক, চাহ উদ্যোগী, সমাজকৰ্মী দেৱীপ্ৰসাদ বাগড়োদিয়াক সামাজিক ক্ষেত্ৰ তথা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে ‘প্ৰহৰী প্ৰভাকৰ, ডিব্ৰুগড়’ উপাধি আৰু সন্মান৷ এই সন্মান প্ৰদান কৰিছে ডিব্ৰুগড় মহানগৰৰ সৌন্দৰ্যবৰ্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতি ‘প্ৰহৰী’য়ে৷ যোৱা ২ অক্টোবৰত মহানগৰখনৰ জেইলৰোডস্থিত শ্ৰীভাৰতী মহাবিদ্যালয়ত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা [১৯৭১]ৰ দশম সংখ্যক উদ্যাপন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দুয়োগৰাকী বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰে সংগঠনটোৱে৷ সংগঠনটোৰ সভাপতি তথা সাহিত্যাচাৰ্য ড॰ কৰবী ডেকা হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত দুয়োগৰাকী ব্যক্তিক ফুলৰ থোপা, গামোচা, চেলেং, এটি স্মাৰক আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ‘প্ৰহৰী’ৰ সদস্যা গীতা বৰুৱাই আঁতধৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দীপা গোস্বামীয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে কোষাধ্যক্ষ চেনিৰাম বৰাই৷ জিলা প্ৰতিষ্ঠা দিৱসৰ স’তে সংগতি ৰাখি আয়োজন কৰা বিশেষ বক্তৃতানুষ্ঠানত ‘ডিব্ৰুগড়ৰ চিকিৎসা সেৱাৰ ইতিহাস’ সম্পৰ্কে প্ৰজেক্টৰৰ জৰিয়তে তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ ডাঃ শান্তনু লহকৰে৷ এই বক্তৃতাৰ জৰিয়তে তেওঁ প্ৰথম, দ্বিতীয় বিশ্বযুদ্ধত ডিব্ৰুগড় চহৰক কেন্দ্ৰ কৰি হোৱা স্বাস্থ্যসেৱাৰ শুভাৰম্ভণি আৰু অসমৰ প্ৰথমখন ডাঃ জন বেৰী হোৱাইটে মেডিকেল স্কুল স্থাপন কৰি বৰ্তমানৰ এ এম চি এইছৰ উন্নত চিকিৎসা সেৱাপৰ্যন্ত অগ্ৰগতি আৰু সুফলসমূহ ব্যাখ্যা কৰি ডিব্ৰুগড় চহৰখনেই স্বাস্থ্যৰ দিশত তেতিয়াৰ পৰা বৰ্তমানলৈকে দেশৰ ভিতৰত এখন যে গুৰুত্বপূৰ্ণ চহৰ তাক প্ৰতিপন্ন কৰে বুলি ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি বঁটাপ্ৰাপক দুয়োগৰাকীয়ে নিজকে গৌৰৱবোধ কৰাৰ লগতে নিজ নিজ ক্ষেত্ৰত লাভ কৰা বৰ্ণিল অভিজ্ঞতা চমুকৈ বৰ্ণনা কৰি ‘প্ৰহৰী’ তথা ডিব্ৰুগড়বাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত ডাঃ চলিহাৰ জীৱন-কৃতি সম্পৰ্কে নৰেন্দ্ৰনাথ গোস্বামীয়ে আৰু বাগড়োদিয়াৰ জীৱন-কৃতী সম্পৰ্কত চমুকৈ আলোকপাত কৰে অভিনেত্ৰী ঝৰ্ণা শইকীয়াই৷ অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই কয় যে ডিব্ৰুগড়ৰ সজ্জনৰ স’তে থাকি আপ্লুত হৈছো৷ মানৱ জগতৰ সৰ্বাংগীন স্বাস্থ্য সামাজিক, শাৰীৰিক, সামাজিক আৰু মানসিক স্বাস্থ্যৰ স’তে জড়িত হৈ থাকে৷ সামাজিক স্বাস্থ্য যেতিয়াই বেয়া হয় তেতিয়াই মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য দুয়োটাই অৱনতি ঘটে৷ ‘প্ৰহৰী’ৰ দৰে অনুষ্ঠানৰ দৰে আন অনুষ্ঠান-সংগঠনেও ডিব্ৰুগড়ত সামাজিক স্বাস্থ্যৰ উন্নতিৰ হকে কাম-কাজে কৰা বাবে তেওঁ আহ্বান জনায়৷ শ্ৰীভাৰতী কলেজৰ শিক্ষক- শিক্ষাৰ্থীৰ এটি সমৱেত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত ড॰ চুমি ফুকনে দেৱীপ্ৰসাদ বাগড়োদিয়াৰ অনুদিত এটি বৰগীত হিন্দী ভাষাত পৰিৱেশন কৰে৷ ড॰ মৃণাল কুমাৰ বৰুৱাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ, ড॰ ৰঘুনাথ বৰবৰা, ডাঃ অমৃত কুমাৰ বৰুৱা, লোহিত চন্দ্ৰ ডেকাকে ধৰি অৰ্ধশতাধিক গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল-সংগঠনৰ ব্যক্তি উপস্থিত থাকে৷
