ডিফু কার্যনির্বাহকত পিএছঅ’ প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰস্তাৱ : সভাপতি ভৱেশ কলিতা

Pc Ani News

ডিফু কার্যনির্বাহকত পিএছঅ’ প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰস্তাৱ : সভাপতি ভৱেশ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নেতা-কৰ্মীক পি এছ অ’ এৰিবলৈ কৰা আহ্বানৰ প্রতি পূর্ণ সমর্থন জনাইছে দলটোৰ মন্ত্ৰী-বিধায়কসকল।কেইবাজনো মন্ত্রী-বিধায়কে পি এছ অ’ এৰিবলৈ সাজু হোৱা বুলিও মুকলিকৈ ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাত বিষয়টো উত্থাপন কৰি এইবুলি মন্তব্য কৰিছিল যে বিজেপিৰ নেতা-কৰ্মীসকলৰ জীৱনলৈ কোনো ভাবুকি নাই। তেনেস্থলত পি এছ অ’ৰ প্ৰয়োজন কিয়? এই পি এছ অ’ কংগ্ৰেছৰহে সংস্কৃতি, বিজেপিৰ সংস্কৃতি নহয়। মুখ্যমন্ত্ৰীয়ে দলীয়ভাৱে পি এছ অ’ প্রত্যাহাৰৰ এক প্ৰস্তাৱ ল’বলৈও ৰাজ্যিক সভাপতিৰ প্ৰতি আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতে আজি মুকলিকৈ পি এছ অ প্রত্যাহাৰৰ বাবে আগবাঢ়ি আহিছে কেইবাজনো মন্ত্রী-বিধায়ক। মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমর্থন জনাই কয়— চৰকাৰে যিজন লোকৰ বাবে প্ৰয়োজন, তেওঁক পি এছ অ’ দি আহিছে। কিন্তু জধে-মধে পি এছ অ’ প্ৰদান কৰি কংগ্ৰেছে যি সংস্কৃতিৰ সৃষ্টি কৰিলে, ইয়াক বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে জনোৱা এই আহ্বানক মই পূর্ণ সমর্থন জনাইছোঁ। পাথাৰকান্দি সমষ্টিৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি পি এছ অ’ ত্যাগ কৰিব বুলি উল্লেখ কৰে। বিধায়কগৰাকীয়ে কয়— এতিয়া ৰাজ্যত সুশাসন চলি আছে। ৰাইজৰ আশীৰ্বাদত বিধায়ক হৈছোঁ, মই ভাবোঁ ৰাইজৰ আশীর্বাদ আছে, গতিকে ভয়ৰ কাৰণ নাই। মই কেতিয়াও লগত পি এছ অ’ লৈ নুফুৰোঁ। গতিকে পি এছ অ’ প্রত্যাহাৰৰ বাবে মই আগবাঢ়ি যাম । আনহাতে, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই সন্দৰ্ভত কয়— আমি ৰাইজৰ সেৱক, গতিকে পি এছ অ’ লৈ বেয়া পাওঁ। পি এছ অ’ লগত থাকিলে ৰাইজ আঁতৰি যাব। এয়া বিজেপিৰ সংস্কৃতি নহয়। এয়া কংগ্ৰেছৰহে সংস্কৃতি। উল্লেখ্য যে মুখ্যমন্ত্রীয়ে পি এছ অ’ প্রত্যাহাৰৰ বাবে জনোৱা আহ্বান সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো মুকলিকৈ সমর্থন জনাইছে।সভাপততিগৰাকীয়ে কয় আগন্তুক ডিফু কাৰ্যনিৰ্বাহক বৈঠকত আলোচনা কৰা হ’ব আৰু এই কাৰ্যনিৰ্বাহকতে পি এছ অ’ প্ৰত্যাহাৰ স সন্দৰ্ভত সঠিক সিদ্ধান্ত লোৱা হ’ব।