ডিটিঅ’ কাৰ্যালয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc- Facebook

ডিটিঅ’ কাৰ্যালয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে পৰিবহণ বিভাগটোত চলি থকা দালালৰাজ, দুৰ্নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হাতত বৰ্তমান ডি টি অ’ কাৰ্যালয়ৰ ৩৮২ জন দালালৰ তালিকা আছে বুলি প্ৰকাশ কৰে। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে লানাৰ ড্রাইভিং লাইচেঞ্চ অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ ২২ দিনৰ ভিতৰত ৫৩ হাজাৰজনে ড্রাইভিং লাইচেঞ্চ লাভ কৰিবলৈ সক্ষম হয়। কাৰ ভয়ত এইসকল লোকে ইমানদিনে ডি টি অ’ ৰ কাৰ্যালয়লৈ অহা নাছিল বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে মাহত ডি টি অ’ ৰ কাৰ্যালয়লৈ পাঁচ হাজাৰ লোকহে লাইচেঞ্চ বিচাৰি আহে। এনে অৱস্থাত ৪৮ হাজাৰ লোক কাৰোবাৰ ভয়ত লানাৰ লাইচেঞ্চ বিচাৰি অহা নাছিল। অনলাইনযোগে যিসকলে লানাৰ লাইচেঞ্চ বিচাৰিলে, সেইসকল কোনো বিদেশী লোক নহয়, বাংলাদেশৰ পৰা অহা নহয়, আটাইকে আধাৰ কাৰ্ডৰ ওপৰতহে ড্রাইভিং লাইচেঞ্চ দিয়া হৈছে। পৰিবহণৰ কাম-কাজ কেনেকৈ চলিছিল, এই ঘটনাই সেইটো প্ৰমাণ কৰাৰ লগতে বিভাগটোৰ প্ৰতি যে মানুহৰ অনাস্থা আছিল সেই কথাও সূচাইছে। পদ্ধতি যেতিয়া শুদ্ধ হয়, মানুহ নিজেই ৰাজহ দিবলৈ আগবাঢ়ি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ লাৰ্নাৰ লাইচেঞ্চৰ নামত ৫০০ টকাকৈ বিভাগে আদায় লৈ এইকেইটা দিনতে আঢ়ৈ কোটিৰ পৰা তিনি কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পূর্বতে মাহে ড্রাইভিং লাইচেঞ্চৰ পৰা ৪০-৫০ লাখ টকাহে ৰাজহ সংগ্ৰহ হৈছিল। পৰিবহণ বিভাগৰ ডি টি অ’ ৰ কাৰ্যালয়ত দালালৰাজ চলি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বর্তমান তেওঁৰ হাতত ডি টি অ’ কাৰ্যালয়ৰ ৩৮২জন দালালৰ তালিকা আছে।দুর্গাপূজাৰ আগেয়ে ড্রাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট লাইচেঞ্চ প্ৰদান ব্যৱস্থাও অনলাইনযোগে কৰা হ’ব বুলি সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শৰ্মাই প্রকাশ কৰে।