ট্ৰাইবেলৰ সমস্যা সমাধানৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ

ট্ৰাইবেলৰ সমস্যা সমাধানৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ট্ৰাইবেল সকলৰ সমস্যা সমাধানৰ দাবী জনাইছে সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা ,অসমে৷  দিছপুৰ প্ৰেছ ক্লাবত সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা, অসমে আয়োজন কৰা সংবাদ মেলত সভাপতি সুনীল কুমাৰ টেৰণ আৰু সম্পাদক প্ৰাণজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়- অসম চৰকাৰে ট্ৰাইবেল সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব আজিলৈকে দিয়া নাই৷ ট্ৰাইবেল সকলৰ সমস্যা সমাধানৰ প্ৰশ্ন উথ্থাপন কৰিলেই লুটি বাগৰ মাৰে চৰকাৰে ৷ ৰাজ্যখনত এতিয়া ট্ৰাইবেল – ননট্ৰাইবেলৰ ৰাজনীতি চলিছে৷মুখ্যমন্ত্ৰী ট্ৰাইবেল নোহোৱাৰ বাবেই ট্ৰাইবেলক গুৰুত্ব দিয়া নাই ৷ তাৰে উদাহৰণ হিচাপে কৃতিকমলে ন্যায় পালে কিন্তু বৰচিং টিচোক ফৰেষ্টাৰে গুলিয়াই হত্যা কৰিলে৷কিন্তু মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত গুৰুত্বই নিদিলে ৷এনে লাগে ৰাজ্যখনৰ ট্ৰাইবেল মন্ত্ৰী বিধায়ক সকল টিলিঙা বজাবলৈহে আছে ৷ তেওঁলোকৰ মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে৷ফৰেষ্ট এচিচি কাৰ্যকৰী কৰিব লাগে৷এগৰাকী ব্যক্তিক চৰাইৰ দৰে গুলিয়াই হত্যা কৰাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা নকৰিলে আৰক্ষী প্ৰশাসনে ৷ কাঠ কটাৰ অনুমতি নিজে প্ৰদান কৰি ছয় হাজাৰ টকা লৈ হত্যা কৰিলে বৰচিং টিচো নামৰ এগৰাকী দিন হাজিৰা কৰা ব্যক্তিক ৷ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰীয়ে ৷ বৰচিং টিচোৰ অহা যোৱা কৰা বন বিষয়া কেশৱ লস্কৰ, নিলকান্ত নাৰায়ন, দুলাল বৰাই হত্যা কৰিলে বৰচিং টিচোক কিন্তু আজি বাৰ দিনৰ পাছতো ন্যায় পোৱা নাই দুৰ্ভগীয়া  পৰিয়ালে৷ তেওঁলোকে ভুক্তভোগী পৰিয়ালক এটা চৰকাৰী চাকৰি প্ৰদানৰ লগতে ২০ লাখ টকা প্ৰদানৰ দাবী জনায় ৷