‘অপৰূপা’ৰ আন্তর্জাতিক নাৰী দিৱস উপলক্ষে ‘অপৰূপা মহিয়সী বঁটা’

‘অপৰূপা’ৰ আন্তর্জাতিক নাৰী দিৱস উপলক্ষে ‘অপৰূপা মহিয়সী বঁটা’

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘অপৰূপা’ৰ উদ্যোগত ৮ মার্চত ৰুক্মীণি গাঁৱৰ ৰঙ্গ মঞ্চত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী নাৰীক ‘অপৰূপা  মহিয়সী বঁটা’ প্ৰদান কৰা হ’ব।বিশিষ্ট সাহিত্যিক  ৰীতা চৌধুৰী,বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা,বিশিষ্ট লেখিকা মাইনী মহন্ত,জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা,বিশিষ্ট শিল্পী ড° সংগীতা কাকতি জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালী,ডা° ৰীতা ভূঞা লগতে বহুকেইগৰাকী ভিন্ন ক্ষেত্ৰৰ মহিলাক প্ৰদান কৰা হ’ব অপৰূপা মহিয়সী বঁটা৷মহিয়সী বঁটাৰ লগতে আৰ্থিকভাৱে পিছ পৰা মহিলা সাহাৰ্য প্ৰদান কৰা হ’ব। গুৱাহাটীৰ ‘জে আৰ এম’ ত  আয়োজিত এক সংবাদ মেলত অপৰূপাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰুণা লাইলা আৰু আলোচনী আৰু যুটীয়া সম্পাদক বন্দনা বৰুৱাই  এই কথা সদৰী কৰে।তেওঁলোকে কয়-  উক্ত অনুস্থানত অপৰূপা প্ৰকাশন গোষ্ঠীৰ লগতে অপৰূপাৰ মুখপত্ৰ উন্মোচন কৰা হ’ব।লগতে অনলাইন যোগে চলি থকা  মিছ অপৰূপা আৰু মিছেছ অপৰূপাৰ চুড়ান্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হ’ব।লগতে পূৰ্বতে হৈ যোৱা গল্প প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হ’ব।আনহাতে অনুষ্ঠিত হ’ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান৷ অপৰূপা ফেচবুকৰ এটি মহিলা অনুষ্ঠান য’ত অকল অসমেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫৪ হাজাৰ মহিলা অন্তৰ্ভুক্ত হৈ আছে । অপৰূপাৰ জৰিয়তে বান পিড়ীতক সাহায্য প্ৰদান , ফুটপথত প্ৰতি সপ্তাহতে খাদ্য বিতৰণ , গৰম কাপোৰ বিতৰণ , সংস্থাপনহীন দুখীয়া মহিলাক সংস্থাপন ব্যৱস্থা কৰা আদি কাম কৰা হয় । বিবাহ বিচ্ছদ হোৱা মহিলা , বিধবা মহিলা  সকলক স্বাৱলম্বী হ’বলৈ অনুপ্ৰেৰণা যোগোৱা হয় । এইবেলি অপৰূপাই এক ব্যতিক্ৰমী পদক্ষেপেৰে  অসমৰ বিভিন্ন ক্ষেত্ৰত স্বকৰ্মৰে বিভূষিতা বহু কেইগৰাকী নাৰীৰ লগতে স্বচ্ছ অভিযানৰ সেৱিকা ৰুণুমী গগৈ , ক্ৰিয়েটিভ ডাইৰেক্টৰ মৌচুমী বৰা , মহিলা ড্ৰাইভিং প্ৰশিক্ষক লক্ষীমাই দেৱী , নৰ্থ ইষ্ট লেডী ড্ৰাইভিং প্ৰশিক্ষক দৰ্শনা সেনগুপ্তা , ঢোলবাদক অঞ্জনা গগৈ , সংগ্ৰামী নাৰী পল্লৱী বৰুৱা , শিক্ষানক্ষত্ৰ প্ৰিয়ংকা তালুকদাৰ , নিতুমণি দাস , মিনু হাজৰিকা , কবিতা কলিতাক উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হ’ব । লগতে অত্যন্ত কঠোৰ পৰিশ্ৰমেৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ নিজৰ লগতে নিজ সন্তানক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ পণ লোৱা নাৰীক আৰ্থিকভাৱে সাহাৰ্য্যও প্ৰদান কৰা হ’ব। কবি লেখিকা হিয়া দাস , কুৰিয়াৰ গাৰ্ল খ্যাত পিংকী মালাকাৰ , প্ৰিয়ংকা দাস , কৃষিজীৱি নিৰ্মালী ৰাভা , ইৰিক্সা চালক বিশেষভাৱে সক্ষম নাৰী আৰফিনা খাতুন , ভাৰতী দাস , পুষ্পলতা দাস , কাৱাৰীৱালা ৱাহিদা বেগম , লোহাৰ ডেম্পৰ কৰ্মী ছৰিপন নেছা , গায়িকা ৰিংকুমণি কলিতা , ডিংকী ৰাভা , বিশেষভাৱে সক্ষম জৱা শইকীয়া(তেজপুৰ) কে আদি কৰি কেইবাগৰাকীও দুখীয়া নাৰীক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰা হ’ব ।  লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি  মনোৰম সাংস্কৃতিক  অনুষ্ঠানৰো আয়োজন কৰাৰ দিহা কৰা হৈছে ।