জ্যেষ্ঠনাগৰিক ২০২১- বীৰেন দত্ত লহকৰ (সংগ্ৰহ)

pc-IndiaFillings

জ্যেষ্ঠনাগৰিক ২০২১

১) যেতিয়া তোমাৰ বয়স হ’ব, তুমি তোমাৰ কথা শুদ্ধ বুলি জানিলেও, কোনোবাই নুসুধিলে, কাকোৱেই শিকাবলৈ নাযাবা।

২) সকলোৰে সুখ দুখৰ প্ৰতি খেয়াল ৰাখিবা কিন্তু নিবিচাৰিলে কাকো সহায় কৰিবলৈ নাযাবা।

৩) অনবৰতে, যিহকে মন যায়, মন্তব্য দিবলৈ নাযাবা।

৪) তোমাৰ মন্তব্য শুদ্ধ বুলি তুমি জানা যদিও আশা নকৰিবা যে আনেও তোমাৰ কথাকে মানিব ।

৫) তুমি ভালপোৱা সকলক পৃথিৱীৰ বেয়াবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা নকৰি মাথো তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি যোৱা– ভাল বেয়া তেওঁলোকে নিজেই ঠিক কৰিব !

৬) কাৰো ওপৰত নিজৰ অধিকাৰ দেখুৱাবলৈ কেতিয়াও চেষ্টা নকৰিবা।
আজিৰ পৃথিৱী আৰু আজিৰ মানুহ, সকলো সলনি হ’ল।

৭) আনৰ আগত নিজৰ স্বাস্থ্য অথবা ঘৰুৱা অশান্তিৰ কথা কৈ নাথাকিবা, আচলতে সকলোৱে আনৰ সমস্যাৰ কথা শুনিবলৈকে ইচ্ছা নকৰে ।

৮) সন্তানৰ পৰা কৃতজ্ঞতা আশাই নকৰিবা।

৯) আচলতে, কোনো সন্তানেই বেয়া নহয়, মাথো আমি নিৰ্বোধ ,মূঢ়মতি মাক দেউতাক হে, যিয়ে আজিৰ দিনত সন্তানৰ পৰা কৃতজ্ঞতা আশা কৰে।

১০) তোমাৰ শেহতীয়া, সাঁচতীয়া পইচা খিনি , ভাল নোহোৱা অসুখৰ বাবে খৰচ নকৰি, ফুৰা চকা তে খৰছ কৰিবা।

১১) স্বামীয়ে পত্নীৰ, পত্নীয়ে স্বামীৰ যিমান পাৰি যত্ন লোৱা দৰকাৰ, বাধ্যত পৰি হে হয়তো বয়স আৰু বেমাৰৰ ভৰত তেওঁ অসহায় আৰু খিংখিঙীয়া হৈছে ; পাহৰি নাযাবা যে এসময়ত তেওঁ বা তুমি – সুন্দৰ স্বাস্থ্যৰ, ধুনীয়া, আনন্দ মনেৰে থকা যুৱক যুৱতী আছিলা !

১২) সময়ৰ লগত খোজ মিলাবলৈ যত্ন কৰা, নতুন টেকনলজি বুজিবলৈ আৰু পঢ়া শুনা কৰি থাকি , নতুন কিবাকিবি শিকিবলৈ যত্ন কৰা, যাতে সময়ে তোমাক পিছ পেলাই থৈ নাযায়।

১৩) অনাহকতে নিজক দোষ দি নাথাকিবা যে,’ মোৰ লগতেনো কিয় এনে হল বা মোৰ লৰা ছোৱালী মই ভবা মতে কিয় নহল’….তুমি যিমান পাৰা, সকলো কৰি আছিলা, সেয়েহে ভাগ্যক দোষ দিও লাভ নাই, যিটো হব লগা থাকে, সেইটো হবই ।

১৪) শেষ সময়লৈকে নিজৰ মহানতা আৰু ঐক্যতা বজাই ৰাখিবলৈ চেষ্টা কৰিবা, আনৰ কথা মতে যাতে চলিব লগীয়া নহয়।

১৫) যিখিনি পাৰা কৰি যোৱা, do your best, মনত ৰাখিবা, তুমি এতিয়াও জীৱিত, কাৰোবাৰ হয়তো তোমাক প্ৰয়োজন হ’ব ; কৰ্তব্য কৰি যোৱা, বাকী খিনি ওপৰত বহি থকাজনৰ হাতত এৰি দিয়া।

বহুতেই হয়তো এইবোৰ কথা মানি আছে – যিবোৰে ভবা নাই, এতিয়াও কৰি যাওক।

সংগ্ৰহ — বীৰেন দত্ত লহকৰ