জে পি নাড্ডাক সাক্ষাৎ ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিনিধিৰ 

জে পি নাড্ডাক সাক্ষাৎ ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিনিধিৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে  পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ কিন্তু বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই দিল্লীৰ ৰাজপথ আৰু সংসদ উভয়তে এক যুদ্ধ সদৃশ পৰিৱেশৰ সাক্ষী হৈছে । ক’কৰোচ্ছ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে প্ৰস্তাৱিত ‘সংসদলৈ পদযাত্ৰা’ৰ বাবে নিৰাপত্তা সংস্থাসমূহ হাই এলাৰ্টত আছে । নীট পৰীক্ষাত সংঘটিত হোৱা অনিয়ম, শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, ভুক্তভোগী ছাত্ৰ-ছাত্ৰীৰ ন্যায়ৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি চিজেপিয়ে যোৱা ২০ জুনৰ পৰা যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ইয়াৰ মাজতে সোমবাৰে চিজেপিৰ সংসদ ভবন অভিযানৰ মাজতে দলটোৰ প্ৰধান মুখপাত্ৰ সৌৰভদাস আৰু অন্যতম মুখপাত্র আশুতোষ ৰাংকাই কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসভৱনলৈ যায়। চিজেপিৰ তৰফৰ পৰা কেন্দ্ৰৰ ওচৰত মূলতঃ তিনিটা দাবী জনোৱা হ’ব। তেওঁলোকৰ দাবীসমূহ হ’ল- সোণম বাংচুকক শীঘ্রে চিকিৎসালয়ৰ পৰা মুক্তি দিব লাগিব, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰিব লাগিব আৰু নীট পৰীক্ষাৰ যিবোৰ পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে, তেওঁলোকক এক কোটি টকাকৈ ক্ষতিপূৰণ দিব লাগিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জেপি নাড্ডাই জনায় যে তেওঁ নিজে কেন্দ্রীয় নেতৃত্বৰ সৈতে বিষয়টোক লৈ আলোচনা কৰিব। এক্স হেন্ডেলত দিয়া এটা পোষ্টত চিজেপিৰ মুখপাত্র সৌৰভ দাসে জনাইছে যে দুঘণ্টাৰো অধিক সময় অপেক্ষাৰ পিছত নাড্ডাই তেওঁ আৰু আশুতোষ ৰাংকাক সাক্ষাতৰ সুযোগ দিয়ে। সৌৰভৰ পোষ্টত লিখা হৈছে ‘দুঘণ্টাৰ অপেক্ষাৰ পিছত আশুতোষ আৰু মোৰ সৈতে দেখা কৰে জেপি নাড্ডাই। তেওঁৰ ঘৰতেই। কিন্তু ১০ মিনিটৰ বাবে। আমি এখন পত্র জমা দিছোঁ, য’ত আমাৰ সকলো দাবীৰ কথা উল্লেখ কৰা হৈছে। তেওঁ আশ্বাস দিছে যে তেওঁ বিষয়টোক লৈ আভ্যন্তৰীণ মহলত কথা পাতিব।’