“জীৱনৰ সুখ-দুখ” – কল্পনা দত্ত

pc Twin Rivers Rehab

জীৱনৰ সুখ-দুখ

           জীৱনটো তেনেই খন্তেকীয়া, এই খন্তেকীয়া জীৱনত সকলো মানুহে বা প্রাণীয়ে সৰু সৰু সুখ বুটলিব খোজে যদিও নজনা-নভবাকৈ দুখে আমনি কৰে। কাৰোবাৰ বাবে সুখবোৰ মৰীচিকাসদৃশ হৈ পৰে, সুখৰ পিচত দৌৰোতে দৌৰোতে হয়তো জীৱন নামৰ নাও মৃত্যুৰ সাগৰত ডুব যায়। মৃত্যুৰ ক্ষণ গণি থকাজনেও কিছু ক্ষণ আৰু জীয়াবলৈ ঈশ্বৰক মিনতি কৰে, কিন্তু নিয়তিৰ পৰিহাস কোনেও উলাই কৰিব নোৱাৰে। জীৱনটো জীয়াবলৈ যিমান কঠিন সিমানেই সুখদায়ক হৈ পৰিব পাৰে, যদিহে সৰু সৰু সুখবোৰ হৃদয়ত জীপাল কৰি ৰাখি দুখবোৰ আঁতৰাই পঠিয়াব পাৰি। সুখ-দুখ জীৱনত এনেকৈয়ে সন্নিৱিষ্ট থাকিব, যেনেকৈ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। মানৱ জীৱন এবাৰেই লাভ কৰা যায় আৰু এই জীৱনটো উপভোগ কৰিবলৈ সৰু সৰু সুখ-আনন্দ বুটলিব লাগিব নিজৰ পৰিয়ালৰ বা সমাজৰ ক্ষতি নোহোৱাকৈ। প্রথমে নিজৰ ঘৰখন ভালদৰে পৰিচালনা কৰি তাৰ পাচত চুবুৰীটোৰ উন্নতিৰ কথা চিন্তা কৰিলে লাহে লাহে সমাজখনৰ লগতে দেশখনৰ উন্নতি সাধন কৰা হ’ব। তাৰ বাবে প্ৰতিগৰাকী নাগৰিক সজাগ হ’ব লাগিব। পৰিয়ালৰ প্ৰতিজনে প্ৰতিজনৰ শাৰীৰিক-মানসিক স্বাস্থ্যৰ যতন ল’লে ঘৰখনত সুখ-শান্তিয়ে বিৰাজ কৰিব আৰু এই সুখবোৰে জীৱনটো উৎসাহিত কৰি সঠিকভাবে পৰিচালনা কৰিব৷ মান-অভিমান থাকিবই, কিন্তু মান-অভিমানে যাতে ঘৰুৱা কন্দলৰ সৃষ্টি নকৰে, বুজাবুজিৰ যাতে অভাৱ নহয় তাৰ বাবে সতর্ক হোৱাটো দৰকাৰ প্ৰতিজন সদস্য। সকলো দায়িত্ব পৰিয়ালৰ মুৰব্বীজনৰ ওপৰত এৰি দি বাকীবোৰে নিচিন্ত মনে থাকিলে মুৰব্বীজন অতিৰিক্ত দায়িত্ব অকলে পালন কৰিবলৈ বাধ্য হৈ হয়তো হীনমন্যতাত ভুগিব পাৰে। আৰু তেওঁৰ জীৱনৰ পৰা সুখবোৰ আঁতৰি যাবলৈ ধৰিব। গধুৰ দায়িত্ববোৰে তেওঁক মানসিকভাবে কোঙা কৰি পেলাব, য’ত নেকি মন কৰিলে প্ৰতিজন সদস্যই তেওঁক সহায়-সহযোগিতা আগবঢ়াই ঘৰখনত আনন্দদায়ক পৰিবেশ গঢ়ি তুলিব পাৰিব৷ প্ৰতিজনৰে বুজাপৰা থাকিলে ঘৰখনৰ পৰিবেশ নিশ্চয়কৈ সুখৰ হ’ব আৰু এই সুখৰ ৰেঙনি চাৰিওফালে বিয়পি পৰিব।

            ঘৰৰ প্ৰতিজন সদস্যৰ মনৰ বুজ লোৱাটোও প্ৰতিজনৰ কৰ্তব্যৰ ভিতৰত পৰে। কোনো কাৰণবশতঃ কোনো সদস্যই হয়তো মানসিক ভাৰসমতা হেৰুৱাব পাৰে। মানসিক বেমাৰী হোৱাৰ আগতে প্রতিজন সদস্যৰ মৰম চেনেহত তেওঁ সম্পূর্ণ সুস্থ হৈ উঠিব পাৰে, নহ’লে হয়তো তেওঁ জীৱনটোক অনর্থক জ্ঞান কৰি আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল’ব পাৰে। তেতিয়া সেই সদস্যজনৰ বাবে পৰিয়ালৰ সুখবোৰ আঁতৰি গৈ দুখে আৱৰি ধৰিব।

           জীৱনত প্ৰত্যাহ্বান থাকিবই, এই প্ৰত্যাহ্বানক আদৰি সৰু সৰু আনন্দ, সুখ আদিৰে জীৱনটো স্মৰণীয় কৰিব পাৰি। জীৱনত নৈৰাশ্য, হীনমন্যতা, দুখে কেতিয়াবা আমনি কৰে। এইবোৰক আওকাণ কৰিব নোৱাৰি, কিন্তু এইবোৰৰ লগত সহবাস কৰি জীৱনত সুখৰ নিজৰা বোৱাব পাৰি সাহস, ধৈর্য, দৃঢ়তা, কর্তব্যপৰায়নতা আৰু পৰোপকাৰী গুণৰ সহায়ত।

– কল্পনা দত্ত