অসমত ইথানল উৎপাদন উৎসাহন নীতি

অসম ইথানল উৎপাদন উৎসাহন নীতি

 

ৰাজ্যিক কেবিনেটে  আগষ্ট, ২০২১ ত অসম ইথানল উৎপাদন উৎসাহন নীতিত অনুমোদন জনায়৷ এই নীতিৰ ম্যাদ ২০২৬চনৰ ৩১ মাৰ্চলৈকে থাকিব আৰু কেৱল মাত্ৰ পেট্ৰ’ল আৰু ডিজেলৰ সৈতে মি৷ ণ কৰিবৰ বাবে ইথানল উৎপাদন কৰা স্বতন্ত্ৰ সেউজ-ক্ষেত্ৰ উদ্যোগসমূহক বিত্তীয় উদগনি প্ৰদান কৰা হ’ব। এনেদৰে ইথানল নীতি গ্ৰহণ কৰা অসম দেশৰ ভিতৰতে অন্যতম অগ্ৰণী ৰাজ্য৷ বিহাৰৰ পিছতে এনে নীতি গ্ৰহণ কৰা অসম দ্বিতীয়খন ৰাজ্য৷।

১. প্ৰেক্ষাপট

ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জৈৱিক ইন্ধন সন্দৰ্ভত এক ৰাষ্ট্ৰীয় নীতি ২০১৮ [এনবিপি ২০১৮] গ্ৰহণ কৰিছিল, যাৰ উদ্দেশ্য হৈছে শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা৷ ২০২০-২১ বৰ্ষত ভাৰতৰ পেট্ৰ’লিয়ামৰ মুঠ আমদানি আছিল ১৮৫ নিযুত মেট্ৰিক টন যাৰ মূল্য আছিল ৫৫ বিলিয়ন আমেৰিকান ডলাৰ৷ ¸ ইয়াৰ সিংহভাগ পৰিবহণ খণ্ডত ব্যৱহাৰ হৈছিল৷ তেনেক্ষেত্ৰত পেট্ৰ’ল বা ডিজেলৰ দৰে ইন্ধনৰ সৈতে ষ্টক মি৷ ণ হিচাপে ইথানলৰ দৰে জৈৱ ইন্ধনৰ ব্যৱহাৰক উদগণি দিলে নিশ্চিতভাৱে পেট্ৰলিয়াম খণ্ডত আমদানিৰ ফলতহোৱা  ফৰেক্স ৰিজাৰ্ভৰ ব্যয় হ্ৰাস হ’ব। পেট্ৰ’লৰ সৈতে ইথানলৰ মি৷ ণে যানবাহনৰ পৰা হোৱা প্ৰদূষে¸ণা হ্ৰাস কৰিব৷ তদুপৰি শক্তি খণ্ডত ইথানলৰ বদ্ধিৰ্ত ব্যৱহাৰে স্থানীয় উদ্যোগ আৰু কৃষকসকলক অধিক কাৰ্যকৰীভাৱে শক্তি অৰ্থনীতিত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰিব।

নীতি আয়োগেও ২০২০-২৫ বৰ্ষত ভাৰতত ‘ইথানল মি৷ ণ’ৰ বাবে এক বিতং ৰোডমেপ প্ৰস্তুত কৰিছে৷ সকলো তেল কোম্পানীয়ে ২০২৩ চনৰ ৰ এপ্ৰিলৰ পৰা ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল [ ইবিপি] বিক্ৰী কৰিব লাগিব।

ইথানল প্লাণ্ট সমূহ ৩ প্ৰকাৰৰঃ জিৰ, য’ত মানুহে ভক্ষণ কৰিব পৰা ‘বায়মাছ’ যেনে গুৰ, নষ্ট হোৱা খাদ্যশস্য আদিৰ পৰা ইথানল উৎপাদন কৰা হয়; জি২,  য’ত খোৱা অযোগ্য চেলুল’জযুক্ত বায়মাছ যেনে কাঠ, বাঁহ, খেৰ, প্লাষ্টিকৰ আৱৰ্জনা আৰু গোটা আৱৰ্জনাৰ পৰা ইথানল উৎপাদন কৰা হয়; আৰু জি৩, য’ শেলাইৰ পৰা ইথানল উৎপাদন কৰা হয়। প্ৰচুৰ পৰিমাণে কুঁহিয়াৰ উৎপাদন আৰু ভাৰতীয় খাদ্য নিগমৰ পৰা মানুহে খোৱাৰ বাবে অনুপোযোগী হোৱা খাদ্য সামগ্ৰীৰ যোগানে ৰাজ্যখনত ইথানল প্ৰকল্প স্থাপনত সহায় কৰিব৷ উত্তৰ-পূৱ ভাৰতত দেশৰ ৬৬ শতাংশ বাঁহ উৎপাদন হয় আৰু ই অঞ্চলটোত ইথানল প্ৰকল্প স্থাপনৰ প্ৰচুৰ সম্ভাৱনীয়তা বহন কৰিছে।

২. নীতিৰ উদ্দেশ্যঃ আঁচনিখনৰ উদ্দেশ্যসমূহ এনেধৰণৰ- [ৰ] এনবিপি ২০১৮১ অধীনত অনুমোদিত সকলো ফিডষ্টকৰ পৰা ইথানল উৎপাদনত উৎসাহ যোগোৱা৷ [২] সাম্ভাৱ্য বিনিয়োগকাৰীসকলক পৰ্যাপ্ত সুবিধা আৰু আৰ্থিকভাৱে উৎসাহিত কৰি ‘ইন্ধন-গ্ৰেড স্বতন্ত্ৰ জৈৱিক ইথানল উৎপাদন প্ৰকল্পলৈ বিত্তীয় সাহায্য আৰু বিনিয়োগৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা৷ [৩] ইথানল উৎপাদনৰ বাবে কেঁচা-মাল উৎপাদন কৰা কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰা৷ আৰু [চ্ছ্ৰ] এই নতুন ঔদ্যোগিক গোটবোৰক উদগনিৰ জৰিয়তে স্থানীয় নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

 

৩. নীতিৰ অধীনত সাহায্যঃ কেবল মাত্ৰ তেল উৎপাদন কোম্পানীবোৰক পেট্ৰ’ল আৰু ডিজেলৰ সৈতে মিশ্ৰণ কৰিবৰ বাবে যোগান ধৰাৰ উদ্দেশ্য ইথানল প্ৰস্তুত কৰা স্বতন্ত্ৰ ইথানল উৎপাদনকাৰী ঔদ্যোগিক গোটসমূহৰ বাবে এই নীতিৰ অধীনত আগবঢ়োৱা সাহায্য সমূহ এনে ধৰণৰ-

[ক] মুলধনী সাহায্য- এন.ই.আই.ডি.এছ. ২০১৭১ অধীনত চি.চি.আই.আই.এ.চি.-ৰ সুবিধা অনুসৰি ৩০ক্ম ৰাজসাহায্যৰ উপৰিও প্ৰকল্প আৰু যন্ত্ৰৰ বাবে ২০ক্ম মূলধন ৰাজসাহায্য লাভ কৰিব, সৰ্বাধিক প্ত কোটি টকা৷

[খ] শক্তি সাহায্য- ঔদ্যোগিক উৎপাদন আৰম্ভ কৰাৰ দিনৰ পৰা প্ত বছৰৰ বাবে প্ৰতি ইউনিট বিদ্যুতত ৰটকা ৰাজসাহায্যৰ লগতে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৯১ অধীনত অতিৰিক্তভাৱে প্ৰতি ইউনিট বিদ্যুতত ২.০০ টকা ৰাজসাহায্য, বছৰি সৰ্বাধিক ৭৫.০০ লাখ টকা পৰ্যন্ত৷

[গ]  ৫ বছৰৰ বাবে মূলধন ঋণৰ ওপৰত সূতত ৫% ৰাজসাহায্য, প্ৰতি বছৰে সৰ্বাধিক ৫০ লাখ টকা; ইয়াৰ উপৰি অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৯১ অধীনত অতিৰিক্তভাবে ২% সূতৰ ৰাজসাহায্য আৰু এন.ই.আই.ডি.এছ. ২০১৭১ অধীনত ৩% সূতৰ ৰাজসাহায্য।

[ঘ] ৫ বছৰৰ বাবে এছজিএছটি পৰিশোধত ১০০% সকাহ, স্থিৰ মূলধন বিনিয়োগত ২৫০% উচ্ছসীমা৷ ৫ বছৰৰ বাবে এন.ই.আই.ডি.এছ. ২০১৭১ অধীনত অতিৰিক্তভাৱে আয়কৰৰ লগতে চি.জি.এছ.টি., আই.জি.এছ.টি.ৰকেন্দ্ৰীয় অংশৰ ৰেহাই।

[ঙ] ভূমিক ঔদ্যোগিক শ্ৰেণীৰ ভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে মাচুলত ১০০% ৰেহাই৷।

[চ] ৫ বছৰৰ বাবে স্থায়ী আৱাসীক কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ অনুদানব্যয় পৰিশোধ কৰা হ’ব।

[ছ] প্ৰতিজন কৰ্মচাৰীৰ বাবে ২০, ০০০ টকা দক্ষতা বিকাশ ৰাজসাহায্য বা এএছডিএম হাৰ [যিটো ন্যূনতম হয়] আগবঢ়োৱা হ’ব। এই সাহায্য কেৱল স্থায়ী আৱাসী কৰ্মচাৰীৰ প্ৰশিক্ষণৰ বাবে প্ৰযোজ্য হ’ব।

ইয়াৰ উপৰি, অসম চৰকাৰৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ আৰু কেন্দ্ৰীয় চৰকাৰৰ এন.ই.আই.ডি.এছ. ২০১৭ নীতিৰ অধীনত এই প্ৰকল্পসমূহে ষ্টাম্প শুল্ক আৰু পঞ্জীয়ন মাচুলত ১০০% ৰেহাই লাভ কৰিব, ২৫ লাখ টকাৰ আৰ্থিক সীমা সাপেক্ষে। এইদৰে এন.ই.আই.ডি.এছ. ২০১৭ আৰু অসম চৰকাৰৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি,  ২০১৯ সুবিধা সমূহো যোগ হৈ এই ইথানল নীতিয়ে দেশৰ ভিতৰতে সৰ্বাধিক সাহায্য তথা সুবিধা আগবঢ়াইছে।

৪. প্ৰকল্প আৰু কেঁচামাল প্ৰকাৰৰ বাবে যোগ্যতাঃ পেট্ৰ’ল আৰু ডিজেলৰ সৈতে মিশ্ৰণৰ বাবে তেল উৎপাদনকাৰী কোম্পানীবোৰক উৎপাদিত ইথানলৰ ১০০% যোগান ধৰা জৈৱিক স্বতন্ত্ৰ ১০০% ইন্ধন-গ্ৰেড ইথানল উৎপাদনকাৰী প্ৰকল্প সমূহহে এই নীতিৰ অধীনত সাহায্যৰ বাবে যোগ্য হ’ব। এই নীতিৰ অধীনত এনবিপি ২০১৮১ জৰিয়তে অনুমোদিত সকলো কেঁচামালৰ পৰা ইথানল উৎপাদন কৰিবলৈ দিয়া হ’ব।

৫. নীতি ৰূপায়ণঃ এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে নোডেল বিভাগ হ’ব। অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ অধীনত এই নীতিৰ সাহায্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে কাৰ্যকৰী নিয়মাৱলী ঘোষণা কৰা হ’ব।

৬. সন্মুখৰ পথঃ অসমত থকা চাৰিটা শোধানাগাৰে প্ৰচুৰ পৰিমাণে পেট্ৰ’ল আৰু ডিজেল উৎপাদন কৰে আৰু ই ৰাজ্যখনত ইথানল প্ৰকল্পৰ প্ৰচুৰ সম্ভৱনীয়তা বহন কৰিছে৷ পেট্ৰ’ল- ডিজেলৰ সৈতে মিশ্ৰণৰ বাবে ইথানল আমদানি কৰা আই. অ’.চি .এল-য়ে ইথানল প্ৰকল্প স্থাপনৰ কথা বিবেচনা কৰি আছে। অসম চুক্তি অনুসৰি স্থাপন কৰা এন আৰ এলত অলপতে অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই এন আৰ এল-য়ে দুটা ইউৰোপীয় কোম্পানীৰ সহযোগিতাত ইয়াৰ নূমলীগড় শোধানাগাৰৰ কাষতে এটি জৈৱ শোধানাগাৰ স্থাপনৰ বাবে এক জে ভি প্ৰজে“ গ্ৰহণ কৰিছে৷ ২০২২-২৩বৰ্ষত আৰম্ভ হ’বলগীয়া এই শোধানাগৰে বছৰি ৩০০০০০ টন শুকান বাহৰ পৰা জৈৱ ইথানল আৰু আন জৈৱ ইন্ধন প্ৰস্তুত কৰিব। ২৬০০ কোটি টকীয়া এই প্ৰকল্পত এন আৰ এলৰ অংশ হৈছে ৫০ শতাংশ। ২০১৯ চনত অভিলেখ পৰিমাণৰ ৭৫০ নিযুত লিটাৰ ইথানল আমদানি কৰা হৈছে আৰু ই হৈছে মুঠ চাহিদাৰ ৩০ শতাংশৰ বেছি। ঘৰুৱা ইথানল উৎপাদনে এনে আমদানিৰ পৰিমাণ হ্ৰাস কৰিব আৰু অসমৰ ইথানল নীতিয়ে এই উদ্দেশ্য সাধনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।