জি-২০ বৈঠকৰ বাবে ভাৰতত উপস্থিত চীন, স্পেইনৰ বৈদেশিক মন্ত্ৰীসকল

Pc Daily Sun

জি-২০ বৈঠকৰ বাবে ভাৰতত উপস্থিত চীন, স্পেইনৰ বৈদেশিক মন্ত্ৰীসকল

ৰঙিলী বাৰ্ত্তাসেৱা- জি-২০ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে চৌদি আৰৱ, চীন, ইণ্ডোনেছিয়া, স্পেইন আৰু ক্ৰোৱেছিয়াৰ বৈদেশিক মন্ত্ৰীসকল ভাৰতত উপস্থিত হয়। ইয়াৰ পূৰ্বে কানাডা, ৰাছিয়া, আৰ্জেণ্টিনা, ছিংগাপুৰ আৰু বাংলাদেশৰ বৈদেশিক মন্ত্ৰীসকল বৈঠকৰ বাবে দিল্লীত উপস্থিত হৈছিল। বিশ্ব বাণিজ্য সংস্থাৰ (ডব্লিউটিঅ’) সঞ্চালক প্ৰধান নগজি ওকঞ্জো-ইৱেলাকে ধৰি প্ৰায় ৪০ টা প্ৰতিনিধি দল বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।