মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, চিজেআই আৰু বিৰোধী নেতাৰ পেনেলৰ দ্বাৰা নিযুক্তি দিয়া হ’ব: উচ্চতম ন্যায়ালয়

Pc Hindustan Times

মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, চিজেআই আৰু বিৰোধী নেতাৰ পেনেলৰ দ্বাৰা নিযুক্তি দিয়া হ’ব: উচ্চতম ন্যায়ালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  উচ্চতম ন্যায়ালয়ে কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী নেতাক লৈ গঠিত এখন পেনেলৰ পৰামৰ্শঅনুসৰি হ’ব। নিৰ্বাচন আয়োগ স্বতন্ত্ৰ ,নিৰপেক্ষ আৰু আইনী ভাৱে কাম কৰাত কৰ্তব্যবদ্ধ হ’ব লাগিব বুলি ন্যায়ালয়ে কয়।