জাৰ্মান অপেনৰ ফাইনেলত লক্ষ্য সেন পৰাস্ত

pc India Tv News

জাৰ্মান অপেনৰ ফাইনেলত লক্ষ্য সেন পৰাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্য সেনে জাৰ্মান অপেনত অনুষ্ঠিত ফাইনেলত বিশ্বৰ ২০ নম্বৰ কুংলাভুত ভিটিডচাৰ্ণৰ হাতত পৰাস্ত হয়। ২০ বছৰীয়া ভাৰতীয় শ্বাটলাৰগৰাকীক ৫৭ মিনিটত থাই খেলুৱৈজনে ২১-১৮, ২১-১৫ ত পৰাস্ত কৰে। বিশ্বৰ ১২ নম্বৰ লক্ষ্যই ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ আৰু অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেনক পৰাস্ত কৰিছিল।