ছোৱালীৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞাই সমগ্ৰ আফগানিস্তানৰ ক্ষতি কৰিছে: ৰাষ্ট্ৰসংঘৰ মুৰব্বী

pc The Print

ছোৱালীৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞাই সমগ্ৰ আফগানিস্তানৰ ক্ষতি কৰিছে: ৰাষ্ট্ৰসংঘৰ মুৰব্বী

ৰঙিলী বাৰ্ত্তাসেৱা-  আফগানিস্তানত ছোৱালীৰ শিক্ষা নিষিদ্ধ কৰাৰ তালিবানৰ সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে এয়া সমান অধিকাৰৰ এক অযুক্তিকৰ উলংঘন আৰু ই সমগ্ৰ দেশৰ ক্ষতি কৰিব। “মই গভীৰভাৱে দুঃখিত যে ষষ্ঠ শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীৰ ওপৰত পঢ়ি থকা ছোৱালীসকলৰ শিক্ষা স্থগিত ৰখা হৈছে – সমান অধিকাৰৰ এক অযুক্তিকৰ উলংঘন যি সমগ্ৰ দেশক ক্ষতিগ্ৰস্ত কৰিব,” গুটেৰেছে কয়।