ছেবাই বাতিল কৰিলে বিজ্ঞানৰ পৰীক্ষা

Pc Northeast Now (assamese)

ছেবাই বাতিল কৰিলে বিজ্ঞানৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা- লাখ লাখ পৰীক্ষাৰ্থীক হতাশ কৰি মাজনিশা ছেবাই বাতিল কৰিলে বিজ্ঞানৰ পৰীক্ষা।আজি অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা ।সামাজিক মাধ্যমযোগে সৰ্বত্ৰে বিয়পি পৰিছিল এখন  প্ৰশ্নকাকত ।এই সন্দৰ্ভত ছেবাই ঘোষণা কৰা অনুসৰি, ৰবিবাৰে সন্ধিয়াৰ পৰা এখনি হাতে লিখা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । গতিকে শিক্ষাৰ্থী সকল যাতে দিশহাৰা হৈ নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অতি সোনকালেই অসম মাধ্যমিক শিক্ষা পৰিষদে বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয় ।