ছিণ্ডিকেটৰ প্ৰসংগক লৈ উত্তপ্ত বিধানসভাৰ মজিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত উত্তাল হ’ল সদন। ছিণ্ডিকেটৰ প্ৰসংগক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক অখিল গগৈৰ মাজত হোৱা বাকযুদ্ধই বহু সময় ধৰি স্থবিৰ কৰি তোলে সদনৰ কাম-কাজ। বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অনা এক প্ৰশ্নৰ উত্তৰদানৰ সময়ত বনমন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয়। সদনৰ মজিয়াত বনমন্ত্ৰীয়ে বিধায়ক জাকিৰ হুছেইন শিকদাৰে অনা বালিৰ মহল সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে মন্ত্ৰীগৰাকীয়ে নামনি অসমত ছিণ্ডিকেট চলাই আছে বুলি অভিযোগ কৰাৰ পাছতে দুয়োগৰাকীৰ মাজত তীব্র বাকযুদ্ধৰ সৃষ্টি হয়। অখিল গগৈয়ে এনেদৰে অভিযোগ অনাৰ পাছত বনমন্ত্ৰীগৰাকী অখিল গগৈৰ ওপৰত ক্ষুব্ধ হৈ উঠে আৰু অধ্যক্ষৰ আসনলৈ চাই অখিল গগৈৰ প্ৰতি তীব্র বাক্যবাণ নিক্ষেপ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অখিল গগৈক প্রত্যাহ্বান জনাই কয় যে আপুনি অধ্যক্ষৰ ওচৰত এই সন্দৰ্ভত তথ্য দাখিল কৰক। যদি তথ্য নিদিয়ে তেনেহ’লে আপুনি ক্ষমা খুজিব লাগিব। আপুনি বাৰে বাৰে সদনত অপমান নকৰিব। আমি প্রত্যাহ্বান জনাইছোঁ- তথ্য থাকিলে অধ্যক্ষক দিয়ক। অন্যথা ক্ষমা খোজক। উল্লেখ্য যে জাকিৰ হুছেইন শিকদাৰৰ বালিৰ মহল সন্দর্ভত সদনত উঠা প্ৰশ্নৰ উত্তৰ দিওঁতে বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ প্রতি বিধায়ক অখিল গগৈয়ে এক তীক্ষ্ণ মন্তব্য কৰিছিল। বিধায়ক অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বনমন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীলৈ বাক্যশেল এৰি কয় যে অখিল গগৈয়ে মাজে মাজে শিৱসাগৰত কেতবোৰ মহলৰ পৰা ধন লয়। বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে লোৱা ব্যৱস্থাৰ বাবে এতিয়াৰ পৰা অখিল গগৈয়ে মহলৰ পৰা ধন লোৱাৰ ভিকাচন ভাঙিব। বনমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পাছতে অখিল গগৈয়েও তেওঁৰ প্ৰতি তীব্র বাক্যবাণ এৰি কয় যে আপুনি ছিণ্ডিকেটৰ গেটকেইখন বন্ধ কৰি লওক। নামনি অসমত আপুনি ছিণ্ডিকেট চলাই আছে। বিধায়কগৰাকীৰ এনে মন্তব্যৰ পাছতে বনমন্ত্রী জয়ন্ত মল্ল বৰুৱা অখিল গগৈৰ প্ৰতি ক্ষুব্ধ হৈ উঠে আৰু বিষয়টো অধ্যক্ষৰ প্ৰতি দৃষ্টি আকর্ষণ কৰি কয় যে অখিল গগৈয়ে ইয়াৰ তথ্য অধ্যক্ষক দিয়ক। আমি তেওঁক প্রত্যাহ্বান জনাইছোঁ। ইয়াৰ অন্যথা তেওঁ ক্ষমা খুজিব লাগিব। আনহাতে কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অনা বালিৰ মহল সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত বন বিভাগৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিভাগে কঠোৰ ব্যৱস্থা লোৱাৰ কথা সদনত সদৰী কৰে। ৰাজহ ফাঁকি ৰোধ কৰাৰ অৰ্থে বিভাগে অন্যান্য বিভাগসমূহৰ সৈতে লগ হৈ উপগ্রহীয় জিঅ’ ফেঞ্চিং আৰু বালি মহলত চলা গাড়ীত জিপিএছ ব্যৱহাৰৰ ব্যৱস্থা কৰিছে। তাৰ উপৰি বালি মহলত ৱেইট ব্রিজ মহলদাৰে স্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে। বালি মহলৰ গাড়ীত জিপিএছ লগোৱাৰ ব্যৱস্থা বন বিভাগে পৰিবহণ বিভাগৰ সহযোগিতাত সম্পন্ন কৰিছে। এই সমগ্ৰ ব্যৱস্থাটো মনিটৰ কৰিব পৰিবহণ বিভাগে। বালি মহল আবণ্টনৰ ক্ষেত্ৰত চৰকাৰে সকলো জিলাতে ডিষ্ট্ৰিক ছার্ভে ৰিপ’ৰ্ট তৈয়াৰ কৰিছে। ইয়াৰ জৰিয়তে ক’ত কিমান মহল আবণ্টন দিব পাৰি, তাৰ হিচাপ লোৱা হৈছে।
