ছত্তীশগড়ত নক্সালৰ দ্বাৰা আইইডি বিস্ফোৰণত ২ জন ডিআৰজি কনিষ্টবল আহত

pc Tribune India

ছত্তীশগড়ত নক্সালৰ দ্বাৰা আইইডি বিস্ফোৰণত ২ জন ডিআৰজি কনিষ্টবল আহত

ৰঙিলী বাৰ্ত্তাসেৱা-  ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালবাদীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক আইইডি বিস্ফোৰণত জিলা ৰিজাৰ্ভ গাৰ্ডছৰ (ডিআৰজি) দুজন কনিষ্টবল আহত হয়। নাৰায়ণপুৰৰ এছ পি সদানন্দ কুমাৰে জানিবলৈ দি কয়, “আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত আইটিবিপি আৰু ডিআৰজিৰ যুটীয়া দলটো কোডোলি আৰু ঝাৰৱাহি গাঁৱৰ প্ৰতি অঞ্চলৰ আধিপত্যৰ বাবে বাহিৰলৈ গৈছিল।” কনিষ্টবল দুজনক চানাউ ভাদ্দে আৰু ৰামজী পোতাই বুলি চিনাক্ত কৰা হৈছে।