চোমালিয়াত ফুটবল দল বাছত বিস্ফোৰণ; 5 জন খেলুৱৈৰ মৃত

pc Reuters

অনলাইন বাৰ্ত্তাসেৱা – এজন আৰক্ষী বিষয়াই জনোৱা মতে, শুক্ৰবাৰে চোমালিয়াত ফুটবল দলটো কঢ়িয়াই নিয়া এখন বাছত ৰখা বিস্ফোৰকৰ ফলত সংঘটিত বিস্ফোৰণত পাঁচজন স্থানীয় ফুটবলাৰ নিহত হয়। চোমালিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল্লাহী মহম্মদে চোমালিয়াৰ বন্দৰ-চহৰ কিচমায়োত হোৱা এই আক্ৰমণক আল-কায়েদাৰ সৈতে জড়িত আল-চাবাব উগ্ৰপন্থী গোটৰ ওপৰত দোষাৰোপ কৰে। অৱশ্যে, কোনো গোটে তৎক্ষণাৎ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল।

(UD.)