চেপ্তেম্বৰৰ ভিতৰত শিশুৰ বাবে উপলব্ধ হ’ব কভাক্সিন

pc Zee Business

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ প্ৰথম থলুৱা কোভিড-১৯ ভেকছিন, কভাক্সিন এই বছৰ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত ২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে উপলব্ধ হ’ব বুলি আশা কৰা হৈছে। ২৩ জুন, বুধবাৰে দিল্লীৰ সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই এই কথা ঘোষণা কৰে। কভাক্সিনে ৭ জুনত ২ – ১৭ বছৰ বয়সৰ শিশুৰ ওপৰত দ্বিতীয় আৰু তৃতীয় নিদানিক পৰীক্ষণ আৰম্ভ কৰিছিল। ইফালে, ড০ গুলেৰিয়াই আগতে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল যে যদি কোভিড-১৯ প্ৰটোকল অনুসৰণ কৰা নহয়, তেন্তে অহা ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত কোভিড-১৯ৰ তৃতীয় ঢৌৱে ভাৰতক প্ৰভাৱিত কৰিব পাৰে।