চিৎকাৰ…মাথো এটি – দেৱাশীষ গোস্বামী, নগাঁও

pc YouGov

চিৎকাৰ…মাথো এটি

দেৱাশীষ গোস্বামী,
নগাঁও

এটি মাথো
ধৰণী কপোৱা
চিৎকাৰ…
হাত ভৰি আচাৰি
আৰু কিমাননো সহিব
মানবৰূপি দানবৰ
অকথ্য অত্যাচাৰ…
কামোত্তেজিত নৰপিশাচবোৰৰ
উদ্ভত,উন্মাদ আচৰণ…
ভয় আৰু শংকাত
আজি নাৰী জাতি
প্ৰতিদিন, প্ৰতিক্ষণ…
এটি…..
মাথো এটি
চিৎকাৰ…
হঠাতে গোটেই জীৱনটো
হৈ পৰে
তেনেই অন্ধকাৰ…
থান বান হৈ যায়
ক’ত যে
সুখৰ সংসাৰ…
কামনা বাসনা
তেনেই ক্ষন্তেকীয়া
ইয়াৰ কবলত নপৰে যি
কৰে নিজৰ নাম যুগমীয়া…
চৰিত্ৰত লাগিলে দাগ
যি দৰে নাযায়…
পশুতকৈয়ো অধচ বুলি তাক
বিবেকে দংশে সদায়…
ন মাহ দহ দিন
যিখন গৰ্ভই
কৰিলে ধাৰণ…
কলুষিত নকৰিবা
পুৰুষ তুমি
কৰা নিজকে বাৰণ…
নাৰীদেহ দেখিলেই যাৰ
হয় লালায়িত চকু…
নিজ মাতৃ,ভগ্নী,ভাৰ্য্যাৰ ওপৰত
লুলুপ দৃষ্টি পৰিলে
কেনে লাগে বাৰু??
শেলে বিন্ধাদি
বিন্ধেনে বুকু??
নাৰী সুৰক্ষা বিষয়টো
কদাপি নহয় টান…
প্ৰকৃত চৰিত্ৰ গঠনেই
একমাত্ৰ উপায়
নাৰী নিৰ্যাতনৰ পৰা
ইয়েই
দিব যে পৰিত্ৰাণ…
পুৰুষৰ নামত কলঙ্ক এচাম
বন্ধ কৰা দুৰাচাৰ…
সুৰক্ষাৰ বাবে যে
নাৰীয়ে কৰিছে
চাৰিওফালে হাঁহাকাৰ…
একবিংশ শতিকাত ঘটিছে যে
এচামৰ চৰিত্ৰৰ বিকাৰ…
উৎকৰ্ষ সাধন নকৰো যদি
আমাৰ চিন্তাধাৰাৰ
নাৰী সুৰক্ষা বিষয়টো কিন্তু
তেনেই অসাৰ…
ৰিপু সমূহক কৰিব
পাৰিবই লাগিব দমন
সমন্ধবোৰ হ’ব তেহে
পবিত্র… চিৰ জীৱন।