চিলেটৰ দিনবোৰ-  অমৰেন্দ্ৰ দাস

Pc- pixabay
চিলেটৰ দিনবোৰ
এটি  পাহৰিব নোৱাৰা স্মৃতি….!
 চিলেটত লিখা সোনালী দিনবোৰ
 বাৰে বাৰে লিখিছিলো
 অ আ ক খ……।
       আজিও মনত পৰে
       দেউতাই বিচনীৰে বিচি
       ম’হ খেদি থকা সময়
       চোতালত পাতি পাৰি
       ক খ গ ঘ লিখা সময়…!!
    লিখি লিখি মচি দিছিলোঁ
    তোমাৰ নাম…
    অ খ ৰা
    অক্ষৰা…..!!
   বাৰে বাৰে ভূল হৈছিল আখৰৰ পাক
   চিলেটত লিখি লিখি
    কেতিয়া যে হৃদয়ত লিখিলোঁ তোমাৰ নাম?
আজিও হুমুনিয়াহ কাঢ়ে
 অতীতৰ স্মৃতিবোৰে
এতিয়া যে বুকুত লিখা
তোমাৰ নাম মচিবই নোৱাৰো
এতিয়া কি ভাৱ হয় জানা…..?
সেই চিলেটত লিখা দিনবোৰেই ভাল আছিল
শুধৰণিৰ সুবিধাকণ মোৰ হাততেই আছিল।।
কাৰ পৰশত ফুলি গুচি গলা তুমি
মন ভাগিছাত মোক অকলে এৰি
বুকুৰ ভাষাবোৰ যে
আজিও বুকুতেই ৰ’ল
গুপুতে গুপুতে…..!!
    অমৰেন্দ্ৰ দাস
            শোলমাৰা,নলবাৰী