‘গ্ৰন্থবৰ্ষ-২০২৫ ফেল’শ্বিপ’ প্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

‘গ্ৰন্থবৰ্ষ-২০২৫ ফেল’শ্বিপ’ প্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

জামুগুৰিহাট, ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থবৰ্ষ-২০২৫’ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি গ্ৰহণ কৰা অভিলাষী প্ৰকল্প ‘গ্ৰন্থবৰ্ষ-২০২৫ ফেল’শ্বিপ’ প্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ সাহিত্য আৰু বৌদ্ধিক জগতলৈ আশাৰ বতৰা কঢ়িয়াই অনা এই সন্মানীয় ফেল’শ্বিপ লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ জনপ্ৰিয় যুৱ লেখক তথা শিক্ষাব্ৰতী শ্ৰীসত্যব্ৰত বৰাইয়ো স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰকাশন পৰিষদৰ সূত্ৰই জনোৱা মতে, যুৱ লেখক বৰাৰ বিজ্ঞানভিত্তিক গৱেষণামূলক পাণ্ডুলিপি “মহাকাশৰ সীমনা বিচাৰি”ক এই অভিলাষী ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, এই ফেল’শ্বিপৰ অধীনত নিৰ্বাচিত লেখকসকলক তেওঁলোকৰ গৱেষণা তথা পাণ্ডুলিপি সম্পূৰ্ণ কৰাৰ বাবে বিশেষ বিত্তীয় সাহাৰ্য আৰু প্ৰকাশনৰ সুবিধা আগবঢ়োৱা হ’ব।

পেশাত এগৰাকী নিষ্ঠাৱান শিক্ষক সত্যব্ৰত বৰা অসমৰ সাহিত্য-সংস্কৃতি আৰু বৌদ্ধিক জগতৰ এক পৰিচিত নাম। তেখেতে দীৰ্ঘদিন ধৰি অসমৰ প্ৰতিষ্ঠিত তথা জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’, ‘গৰীয়সী’, ‘বিস্ময়’ আদিৰ উপৰি ৰাজ্যৰ শীৰ্ষস্থানীয় দৈনিক বাতৰি কাকতসমূহত বিভিন্ন বিষয়ৰ তথ্যসমৃদ্ধ তথা বিজ্ঞানভিত্তিক চিন্তাশীল প্ৰবন্ধ-পাতি নিয়মীয়াকৈ লিখি পাঠ সমাজৰ সমাদৰ বুটলি সক্ষম হৈছে।

বৰ্তমানলৈকে তেখেতৰ তিনিখনকৈ মূল্যৱান গ্ৰন্থ প্ৰকাশ পাইছে আৰু কেইবাখনো উচ্চমানদণ্ডৰ গ্ৰন্থ প্ৰকাশৰ পথত আছে। জামুগুৰিহাটৰ দৰে এখন সাংস্কৃতিকভাৱে চহকী অঞ্চলৰ এগৰাকী সুযোগ্য সন্তান তথা যুৱ লেখকে চৰকাৰৰ এই মৰ্যাদাপূৰ্ণ ফেল’শ্বিপ লাভ কৰাৰ খবৰে সমগ্ৰ জামুগুৰিহাট অঞ্চলত আনন্দৰ জোৱাৰ তুলিছে। বিভিন্ন দল-সংগঠনৰ লগতে গুণমুগ্ধ আৰু স্থানীয় ৰাইজে যুৱ লেখক সত্যব্ৰত বৰাক এই সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।