গ্লাছগʼৰ জলবায়ু সন্মিলনত প্ৰথমটো ঐতিহাসিক সিদ্ধান্ত

Pc- CNA

গ্লাছগʼৰ জলবায়ু সন্মিলনত প্ৰথমটো ঐতিহাসিক সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ সকলো দেশে ২০৩০ চনৰ ভিতৰত বন ধ্বংসৰ অভিযান বন্ধ কৰিব। স্কটলেণ্ডৰ গ্লাছগʼত অনুষ্ঠিত জলবায়ু সন্মিলনত এই সিদ্ধান্ত গ্রহণ কৰাৰ পিছতে পৰিৱেশ সংগঠনসমূহে ইয়াক আদৰণি জনাইছে। এই গুৰুত্বপূর্ণ সিদ্ধান্তত স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ব্রাজিল। ব্রাজিলতেই বিগত সময়ছোৱাত অধিক হাৰত অৰণ্য ধ্বংস কৰা হৈছিল। এই অভিযান কাৰ্যকৰী কৰি তুলিবলৈ প্ৰয়োজন হ’ব ১৯২০ কোটি ডলাৰ।বিভিন্ন দেশৰ চৰকাৰৰ উপৰি ব্যক্তিগত খণ্ডৰ পৰাও ইয়াৰ বাবে পুঁজি সংগ্ৰহ কৰা হ’ব৷ ৰাষ্ট্ৰনেতাসকলে ২০১৪ চনতো জলবায়ু সন্মিলনত অৰণ্য ধ্বংসকার্য বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এই প্রতিশ্ৰুতি সম্পূৰ্ণৰূপে ব্যর্থ হয়। গুৰুত্বপূৰ্ণ অৰণ্যসমূহত গছ কটা কাম হ্ৰাস কৰিব বুলি প্রতিশ্রুতি দিছিল যদিও এই ৬ বছৰত অৰণ্য ধ্বংসকার্য পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত বিভিন্ন দিশলৈ নামি আহিছে বিপর্যয়। ইয়াৰ পৰিণতি হিচাপে ভয়াৱহ প্রাকৃতিক দুযোগৰ সন্মুখীন হ’বলগীয়া হৈছে পৃথিৱী। মুঠ ১১০গৰাকী ৰাষ্ট্ৰনেতাই গ্লাছগʼত অনুষ্ঠিত জলবায়ু সন্মিলনৰ প্ৰথমখন চুক্তিত স্বাক্ষৰ কৰিছে।এই চুক্তিক ঐতিহাসিক আখ্যা দিছে ব্ৰিটিছ প্ৰধানমন্ত্রী বৰিছ জনছনে।