গ্রীষ্মপ্ৰৱাহত দহিছে সমগ্ৰ ৰাজ্য
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত দহিছে সমগ্ৰ ৰাজ্য। কেইবাখনো চহৰত তাপমাত্ৰাই অতিক্ৰম কৰিলে ৩৫ ডিগ্ৰী। বিশ্বৰ বহু দেশত গ্ৰীষ্মপ্ৰৱাহত ডেৰ হাজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছে। একেদৰে দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো এইবেলি দক্ষিণ- পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত আশা কৰা ধৰণে বৰষুণ নহাত গৰমৰ তীব্রতা বৃদ্ধি পাইছে। সমগ্ৰ দেশৰ লগতে উত্তৰ–পূৰ্বাঞ্চলতো চলিত বৰ্ষত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো এইবেলি দক্ষিণ- পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত আশা কৰা ধৰণে বৰষুণ নহাত গৰমৰ তীব্রতা বৃদ্ধি পাইছে। আনকি বৰষুণৰ মাহ হিচাপে পৰিচিত জুন মাহত অসমসহ উত্তৰ-পূবৰ ৰাজ্যকেইখনত স্বাভাৱিকতকৈ বৰষুণ বহু কম হৈছে। যাৰ ফলত ভুটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জিলাকেইখনৰ বাহিৰে বাকী জিলাকেইখনত অতি উদ্বেগজনকভাবে কমি গৈছে বৰষুণৰ পৰিমাণ। ইয়াৰ ভিতৰত খৰাংসদৃশ পৰিস্থিতি সৃষ্টি হোৱা ৰাজ্যৰ ৮খন জিলাত ৪০ৰপৰা প্ৰায় ৮০ শতাংশ বৰষুণ কম হৈছে। অসমত সামগ্রিকভাবে জুন মাহত গড় হিচাপত প্রায় ৩৭ শতাংশ বৰষুণ কম হৈছে। বতৰ বিজ্ঞানৰ ভাষাত স্বাভাৱিকতকৈ ১৯ শতাংশ বৰষুণ কম বা বেছি হ’লে তাক স্বাভাৱিক বুলি ধৰা হয়। ইফালে বৰষুণৰ পৰিমাণ কমি অহা বাবে বিগত কেইটামান দিন ধৰি ৰাজ্যত হঠাতে বৃদ্ধি পাইছে তাপমাত্ৰাৰ পৰিমাণ। পাৰাস্তম্ভ ঊর্ধ্বগামী হোৱাৰ ফলত স্বাভাৱিক জনজীবন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে পহিলা জুলাইৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠানসমূহৰ বেছিভাগৰে গ্ৰীষ্ম বন্ধ চলি থকা বাবে শিক্ষার্থীৰ লগতে অভিভাৱকসকল বহুখিনি সকাহ লাভকৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা অনুসৰি আহাৰ মাহৰ ২০টা দিন পাৰ হোৱাৰ পাছতো ৰাজ্যত স্বাভাৱিকতকৈ প্রায় ৩৭ শতাংশ বৰষুণ কম হৈ আছে। যাৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্ৰাৰ পৰিমাণ। আকাশ ডাৱৰীয়া হোৱাৰ পাছতো আশা কৰা ধৰণে বৰষুণ নহাত বা বৰষুণৰ পৰিমাণ কম হোৱাত সূৰ্য দেৱতাই ৰুদ্ৰমূর্তি ধাৰণ কৰিছে। বিগত কেইবাদিনো ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বেছিভাগ চহৰ-নগৰত তাপমাত্রা স্বাভাৱিকতকৈ ৬ ডিগ্রী চেলছিয়াছ পর্যন্ত অধিক হৈ ৩৮ ডিগ্রী চেলছিয়াছৰো অধিক হোৱা পৰিলক্ষিত হয়। অৱশ্যে ইয়াৰ মাজতে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্রভাবৱত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মেঘালয়ৰ কিছু কিছু সীমান্তৱৰ্তী ঠাইত বিগত কিছুদিনত মাজে-সময়ে বৰষুণ হৈ থকা বাবে সেই ঠাইসমূহৰ ৰাইজে গৰমৰ পৰা কিছু সকাহ লাভ কৰিছে। আনকি বায়ুমণ্ডলৰ আৰ্দ্ৰতাৰ তাৰতম্যৰ বাবে ৩৮ ডিগ্রী চেলছিয়াছ তাপমাত্রাকো ডিগ্রী চেলছিয়াছৰ দৰে ৰাইজে অনুভৱ কৰিবলগীয়া হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই সন্ধিয়া সদৰী কৰা অনুসৰি বিগত কেইটামান দিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণৰ পৰিমাণ কমি যোৱা বা নোহোৱাত তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। আনহাতে শনিবাৰৰ দিনটোত অসমকে ধৰি উত্তৰ-পূবৰ ভিতৰতে সর্বাধিক তাপমান আছিল বৰাক উপত্যকাৰ শিলচৰ চহৰত। দুপৰীয়াৰ ভাগত শিলচৰত তাপমান বৃদ্ধি পাই হৈছিল ৩৮.৬ ডিগ্রী চেলছিয়াছ। যিটো স্বাভাৱিকতকৈ ৫.৯ ডিগ্রী চেলছিয়াছ অধিক আছিল। ডিব্ৰুগড় চহৰত স্বাভাৱিকতকৈ ৪.৯ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাই সর্বাধিক তাপমাত্রা হয় ৩৬.০ ডিগ্রী চেলছিয়াছ। গুৱাহাটী মহানগৰীত স্বাভাৱিকতকৈ ৪.৬ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাই সর্বাধিক তাপমাত্রা হয়গৈ ৩৭.৪ ডিগ্রী চেলছিয়াছ। তেজপুৰ চহৰত স্বাভাৱিকতকৈ ৪.৪ ডিগ্রী চেলছিয়াছ বৃদ্ধি হৈ সর্বাধিক তাপমাত্রা হয়গৈ ৩৬.৩ ডিগ্রী চেলছিয়াছ। এই সময়ছোৱাত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্রা আছিল ২৮.০ ডিগ্রী চেলছিয়াছ। যিটো স্বাভাৱিকতকৈ ৪.৫ ডিগ্রী চেলছিয়াছ অধিক আছিল। তেনেদৰে নিশাৰ ভাগতো সর্বনিম্ন তাপমাত্রা ঠাইবিশেষে স্বাভাৱিকতকৈ ১ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মতে, অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে। সেয়েহে তাপমান ৩৬ ডিগ্রী চেলছিয়াছ হ’লেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৪৫ৰপৰা ৫০ ডিগ্ৰী চেলছিয়াছৰ দৰে অনুভূত হয়। এনে পৰিস্থিতিত হিট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
