অসমত জিএছটিৰ হাৰ বৃদ্ধি 

Pc Newsonair

অসমত জিএছটিৰ হাৰ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা– শেহতীয়াকৈ ৰাজহ সংগ্ৰহ আৰু জি.এছ.টি. (GST) বৃদ্ধিৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসমে । চলিত বিত্তীয় বৰ্ষৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় গড় হাৰকো অতিক্ৰম কৰি অসমত জি.এছ.টি. সংগ্ৰহৰ হাৰ ১৫% লৈ বৃদ্ধি পাইছে ।  চলিত বৰ্ষৰ জুন মাহত জিএছটি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীর্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ মাজত স্থান লাভ কৰিছে অসমে। কাৰ্যতঃ ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে ৰাজ্যখনৰ এক শক্তিশালী বিত্তীয় গতিশীলতা। সামাজিক মাধ্যমত এই তথ্য প্রকাশ কৰে বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে জিএছটি সংগ্ৰহৰ ১৫ শতাংশ বৃদ্ধিৰ পঞ্জীয়ন কৰি এক সুদৃঢ় বিত্তীয় প্ৰদৰ্শন দাঙি ধৰিছে অসমে, যিটো ৯ শতাংশ ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট বেছি। উল্লেখ্য যে জুন মাহত ৰাষ্ট্ৰীয় গড় জিএছটিৰ হাৰ ৯ শতাংশ অতিক্ৰম কৰি ১৫ শতাংশ বৃদ্ধিৰ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে অসমে। সেই অনুসৰি ২০২৫ চনৰ জুন মাহত ৰাজ্যখনে জিএছটি সংগ্ৰহ কৰিছিল ১,২৫৫ কোটি টকা। আনহাতে চলিত বৰ্ষৰ জুন মাহত সংগ্ৰহ কৰা হৈছে ১,৪৩৭ কোটি টকা। প্রায় ১৮২ কোটি টকা অতিৰিক্তকৈ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অসমে।