গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ

pc the financial Express

গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ উপায়ুক্তৰ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা – অহা ৬ মাৰ্চত গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে হ’বলগীয়া নিৰ্বাচন সন্দৰ্ভত অলপতে গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে । উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপায়ুক্তগৰাকীয়ে নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । নিৰ্বাচন স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁ নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো যাতে নিকাভাৱে সম্পন্ন কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিব পৰাকৈ কোনো দল বা প্ৰাৰ্থীয়ে অবৈধভাৱে ধনৰ লেনদেন কৰাৰ তথ্য পালে অথবা ভোটদাতাক প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে নিৰ্বাচনী বিষয়া অথবা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে ভোটদাতাসকলকো কোনো প্ৰলোভনত ভোল নগৈ বিবেকেৰে ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট পৌৰ সভাত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩৬,৪০০ টকাহে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব । আনহাতে দেৰগাঁও পৌৰসভাত এই সীমা ৩১,২০০ টকা ।

উপায়ুক্তগৰাকীয়ে কয় যে অহা ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ’ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব । এইবাৰ পৌৰসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ ই ভি এমসমূহ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হ’ব । ভোটগণনাও বিদ্যালয়খনতে কৰা হ’ব । তেওঁ কয় যে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত মুঠ ২৯৬গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হ’ব । ইয়াৰে ৫২ জন বিষয়া সংৰক্ষিত হিচাপে ৰখা হ’ব । ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰো সহায়-সহযোগিতা কামনা কৰে ।

উপায়ুক্তগৰাকীয়ে প্ৰসংগক্ৰমে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটদাতাসকলক সজাগ কৰাৰ বাবে আৰম্ভ কৰা “মোৰ ভোট মোৰ ভৱিষ্যৎ-এটা ভোটৰ শক্তি” শীৰ্ষক প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে নিৰ্বাচন আয়োগৰ ৱেবচাইটত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰিব । ৫ টা শাখাত অনুষ্ঠিত কুইজ, শ্লোগান, গীত, ভিডিঅ’ মেকিং আৰু পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাত ভাগ লৈ নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব পাৰিব বুলিও তেওঁ কয় ।

উল্লেখযোগ্য যে গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ।

গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।
(*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট)