গুৱাহাটী প্ৰেছ ক্লাবত ড° ৰণজিৎ সভাপণ্ডিতৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ড° ৰণজিৎ সভাপণ্ডিতৰ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ অশোক বুক ষ্টলে প্ৰকাশ কৰি উলিওৱা ইতিহাসবিদ ড° ৰণজিৎ সভাপণ্ডিতে প্ৰণয়ন কৰা ‘অসমৰ ৰাজনৈতিক ইতিহাস(১৯৫২-২০২১)বিষুৰাম মেধিৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মালৈ’ শীৰ্ষক গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰাপক ড° ৰাজেন শইকীয়াই উক্ত গ্ৰন্থখন উন্মোচন কৰে৷সভাত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত কৃষ শৰ্মা,ৰাজনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকন,প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই গ্ৰন্থখনৰ বিভিন্ন দিশ ব্যাখ্যা কৰে৷গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰিজুমণি গোস্বামী সভাপণ্ডিতে গোৱা দুটি বৰগীত আৰু এটি জ্যোতি সংগীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে উন্মোচন কৰে৷সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷