গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া মঞ্চৰ দ্বি-বাৰ্ষিক অধিৱেশন

গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া মঞ্চৰ দ্বি-বাৰ্ষিক অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সৰু বৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট,ৰাজনৈতিক অধিকাৰ,আৰ্থ সামাজিক তথা ভাষা সংস্কৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ ২০১৭ চনত জন্ম হোৱা খিলঞ্জীয়া মঞ্চ,অসমৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন  গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত পুৱাৰ ভাগত পতাকা উত্তোলন কৰে৷প্ৰেছ ক্লাবত শ্বহীদ তৰ্পনেৰে আৰম্ভ কৰে মঞ্চৰ উপদেষ্টা লাচিত বৰদলৈয়ে৷মুখ্য আহ্বায়ক অনুপ চেতিয়াই পৌৰোহিত্য কৰা সভাত আদৰণি ভাষণ দিয়ে সদস্য সচিব মৃনাল হাজৰিকাই৷সভাত বিশিষ্ট নিৱন্ধকাৰ ময়ূৰ বৰাই ভাৰত চৰকাৰৰ প্ৰতাড়নাৰ ইতিহাস ব্যাখ্যা কৰি খিলঞ্জীয়া লোকসকল ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ প্ৰয়োজন বুলি কয়৷সভাত সোনোৱাল কছাৰী ছাত্ৰ সন্হাৰ সভাপতি ৰতন কছাৰী,হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং,সদৌ ডিমাছা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলা,কলিতা জনগোষ্ঠীৰ অনিল মেধি,নাথ-যোগী সন্মিলনৰ উদয় চন্দ্ৰ নাথ,জাতীয়তাবাদী যুৱ পৰিষদৰ উদয়ন গগৈ,মনিপুৰী ছাত্ৰ সন্থাৰ মনিতন সিং,কোঁচ সন্থাৰ শোভিত কোঁচ,দালু সমাজৰ শিবেন্দ্ৰ দালু,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চাহিদ আলী আহমেদ,গৰিয়া পৰিষদৰ জেনিফাৰ হুছেইন,সৰ্ব ভাৰতীয় জনজাতি ছাত্ৰ সংগঠনৰ দীপেন দেউৰী,প্ৰাক্তন আলফা ঐক্য মঞ্চৰ লোহিত দেউৰী,শালৈ সন্মিলনৰ ডা° তিলক হাজৰিকা,কুমাৰ সন্মিলনৰ মহানন্দ কুমাৰ,খিলঞ্জীয়া অধিকাৰ মঞ্চৰ অমিতাভ শৰ্মা আদিয়ে সভাত বক্তব্য ৰাখে৷সভাত অনুপ চেতিয়াক মুখ্য উপদেষ্টা,লাচিত বৰদলৈক উপদেষ্টা,মৃনাল হাজৰিকাক সভাপতি আৰু প্ৰফুল্ল হাফিলাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰে৷উক্ত সভাতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷