কলাক্ষেত্ৰত নৱবৰ্ষ মহোৎসৱৰ সামৰণিত ‘গায়ন-বায়ন’ আৰু নাট মঞ্চস্থ

কলাক্ষেত্ৰত নৱবৰ্ষ মহোৎসৱৰ সামৰণিত ‘গায়ন-বায়ন’ আৰু নাট মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে কলাক্ষেত্ৰ প্ৰাংগণত আয়োজন কৰা নৱবৰ্ষ মহোৎসৱৰ সামৰণিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম সৃষ্টি গায়ন-বায়নেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷গায়ন-বায়ন পৰিৱেশন কৰে কলাক্ষেত্ৰ আৱাসিক এলেকাৰ শিশু চেমনীয়াসকল অৰিন্দম কাশ্যপ,কেশৰ কিংকৰ কলিতা,ত্ৰিদীপ ভট্টাচাৰ্য,প্ৰিতিশা দাস,নিবিৰ কাশ্যপে৷কলাক্ষেত্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা এটি সমবেত সংগীত সুপ্ৰভাত কলাক্ষেত্ৰৰ মহিলা সদস্যাসকলৰ দ্বাৰা অসমৰ বিভিন্ন জনগোষ্ঠী বড়ো,ৰাভা,মিচিং,তিৱা,বিহু নৃত্যৰ সমাহাৰেৰে এক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷অনুষ্ঠানত বলিউদত প্ৰতিষ্ঠিত গীটাৰ বাদক অতনু গৌতমে গীটাৰ বাদন পৰিৱেশন কৰে৷বৰ্তমান সমাজত উঠি অহা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ধবংসৰ মুখলৈ ঠেলি দিবলৈ ওলোৱা ড্ৰাগচৰ বিৰুদ্ধে সজাগতাৰ মূল উদ্দেশ্য আগত ৰাখি সুপ্ৰভাত কলাক্ষেত্ৰৰ শিল্পীবৃন্দই প্ৰদীপ পূজাৰীৰ পৰিচালনাৰে মঞ্চস্থ কৰে ‘প্ৰাতঃবাৰ্তা’ নামৰ এখনি বাটৰ নাট৷সন্ধিয়াৰ ভাগত কলাক্ষেত্ৰ সমাজৰ কৰ্মচাৰী দ্বাৰা পৰিৱেশন কৰা হয় অসমৰ নাট্যজগতৰ এক পুৰোধা ব্যক্তি নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত এখন তীব্ৰ হাস্য-ব্যংগাত্মক নাটক ’সিঁচা পানীৰ মাছ’৷নাটখনৰ যোগেদি নাট্যকাৰে ব্যক্তিগত জীৱনৰ হা-হুতাশ বা পোৱা নোপোৱাৰ মূল্যাংকনতকৈ সামাজিক সমস্যাৰাজিক প্ৰাধান্য দিছে৷নাটখনিৰ উপদেষ্টা পৰিচালনা প্ৰদীপ পূজাৰীৰ আৰু পৰিচালনা কৰে হীৰকজ্যোতি দাসে৷নাটখনত হীৰকজ্যোতি দাস,দীপক কলিতা,হৰেন্দ্ৰ দাস,পূৰ্ণিমা বংজাং,বিস্মিতা দেৱী,পংকজগিৰী দেৱ গোস্বামী,ধীৰাজ বৰ্মন,মীৰা শৰ্মা,পদুম বৰুৱাই অভিনয় কৰে৷নাটখনিৰ মঞ্চ সজ্জাত নুৰুদ্দিন আহমেদৰ,পোহৰ নিক্ষেপনত দীপক ডেকা,শব্দ চয়নত জ্যোতিষ তালুকদাৰ,সংগীত ব্যৱস্থাপনাত য়াচিনুৰ ৰহমান,ৰূপ সজ্জাত শিৱ প্ৰসাদ নাথ,সাজ সজ্জাত হৰেন্দ্ৰ দাস আৰু স্মাৰক পুষ্পা ওজাৰ৷অনুষ্ঠানটোৰ সামগ্ৰিক পৰিচালনা প্ৰদীপ পূজাৰীৰ৷