গুজৰাটত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাত্তা ১৭% ৰ পৰা ২৮% লৈ বৃদ্ধি কৰা হৈছে

pc Mint

গুজৰাটত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাত্তা ১৭% পৰা ২৮% লৈ বৃদ্ধি কৰা হৈছে

অনলাইন বাৰ্ত্তাসেৱা – গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পাটেলে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ১ জুলাইৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘ ভাত্তা (ডি.এ.) ১৭% ৰ পৰা ২৮% লৈ বৃদ্ধি কৰিছে। এই পদক্ষেপে ৰাজ্য চৰকাৰৰ ৯.৬ লাখ কৰ্মচাৰী আৰু ৪.৫ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব, তেওঁ উল্লেখ কৰে। এই বৃদ্ধিৰ ফলত ৰাজ্যৰ কোষাগাৰত প্ৰতি মাহে ৩৭৮ কোটি টকা ব্যয় হ’ব।

(UD.)