এবুৰি সমস্যাৰে জৰ্জৰিত মহানগৰীৰ গণেশপাৰাৰ চম্পকনগৰ

pc- 123rf

এবুৰি সমস্যাৰে জৰ্জৰিত মহানগৰীৰ গণেশপাৰাৰ চম্পকনগৰ 

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটী মহনগৰীৰ বিভিন্ন অঞ্চল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। গুৱাহাটী পৌৰ নিগমৰ ৬নং ৱাৰ্ডৰ অন্তৰ্গত গণেশপাৰা চম্পকনগৰ অঞ্চলটোৰ উপপথৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলবাসী। পথৰ দাঁতিত সুপৰিকল্পিত নলাৰ ব্যৱস্থা নথকাৰ ফলত বাৰিষা বৰষুণৰ পানী ভৰলু নৈলৈ বৈ যোৱাত বাধাপ্ৰাপ্ত হয়। যাৰ ফলত বৰষুণৰ পানীয়ে বাট পথ জলমগ্ন কৰি পেলায়। চম্পকনগৰবাসীয়ে খৰালি এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। আৱৰ্জনাৰ সমস্যা, প্ৰদূষণ আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত অঞ্চলটোৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

 

(RT)