গান্ধীজীয়ে আমাৰ পৰা কি আশা কৰিছিল …
বন্দিতা শৰ্মা কন্দলি
গান্ধীজী ,যিজন ভাৰতবাসীৰ জাতিৰ পিতা ‘বাপু’, তেওঁৰ আচল নাম আছিল মোহন দাস কৰমচাঁদ গান্ধী। গান্ধীজী য়ে নিজৰ জীৱন দেশৰ আৰু দহৰ মংগলৰ কাৰণে নিয়োগ কৰিছিল সেয়ে তেওঁক মহাত্মা গান্ধী নামেৰেও জনাজাত। গান্ধীজী ৰ দেউতাক কৰমচাঁদ গান্ধী আৰু মাক পুতলীবাঈ এগৰাকী অতি ধাৰ্মিক মহিলা আছিল। লাজকুৰীয়া স্বভাৱৰ মোহনদাসে লʼৰাকালতে কেইটিমান অতি লাগতিয়াল কথা শিকিছিল।তাৰ ভিতৰত ভক্তিমান হোৱা আৰু সত্যৰ পৰা বিচলিত নোহোৱা উল্লেখযোগ্য। পিতৃ-মাতৃৰ প্ৰতি তেওঁৰ অগাধ ভক্তি আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভক্তিয়ে সদায় শক্তি দিয়ে,যি শক্তিয়ে আমাক সকলোবিলাক প্ৰলোভনৰ পৰা মুক্ত কৰি ৰাখে। তাৰ দৃষ্টান্ত ‘kettle ‘ শব্দটো শ্ৰেণীকোঠাত আনৰ পৰা নকল কৰি নিলিখাৰ পৰা ই পাব পাৰি। গান্ধীজীয়ে তেওঁৰ জীৱনটো প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিছিল। প্ৰথম ওঠৰটি বছৰ পোৰবন্দৰ ত লʼৰালিকাল ,আইন পঢ়ি থকা অৱস্থাত বিলাতত তিনিটা বছৰ, দক্ষিণ আফ্ৰিকাত কৰ্মময় একৈশটি বছৰ, বাকী তেত্ৰিশ টি বছৰ ভাৰতবাসীৰ মাজত। বিলাতৰ পৰা আহি গান্ধীজী য়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাত দুবছৰ ওকালতি কৰিছিল। তাতেই তেওঁ মানৱ সেৱা ৰ লগতে দেশবাসীৰ কাৰণে অহিংসা নীতিৰে সংগ্ৰাম আৰম্ভ কৰিছিল। তেওঁ কৈছিল যে কামৰ কোনো সৰু বৰ নাই।সকলো কামৰে মূল্য আছে। আমি সকলোৰে কথা ভাবিব লাগিব। এই ভাব ধাৰাক গান্ধীজীয়ে ‘সৰ্ব্বোদয় ‘আখ্যা দিয়ে। অৰ্থাৎ আমি জগতবাসীৰ সামূহিক উন্নতিৰ হকে ত্যাগ কৰিব লাগিব আৰু তেতিয়াহে জগতত ‘ৰামৰাজ্য’ প্ৰতিষ্ঠা হ’ব। গান্ধীজীয়ে ভাৰতবাসীৰ মাজত সেৱাৰ মনোভাৱ গঢ়িবলৈ সবৰমতি আৰু ৱাৰ্দ্ধা নামৰ দুখন আশ্ৰম স্থাপন কৰিছিল। আশ্ৰমবাসী ৰ মাজত ‘কৰ্ম ই মানৱ ধৰ্ম’ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। বৃহৎ উদ্যোগতকৈ ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়া গান্ধীজীয়ে হস্তশিল্পৰ যোগেদি শিক্ষাদানৰ ব্যৱস্থাৰে দেশৰ শিক্ষিত চামক কৰ্মঠ,শ্ৰমৰ প্ৰতি আকৃষ্ট আৰু স্বাৱলম্বী কৰি তুলি ইংৰাজৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ গঢ়ি তুলিছিল।উপনিষদৰ – ‘ত্যাগ সহ ভোগ কৰা’ ৰীতি মানি চলা গান্ধীজীয়ে সেয়ে দেশৰ আৰু দহৰ মংগলৰ অৰ্থে নিজৰ সকলোখিনি বিলাই দিছিল। গান্ধীজীৰ ওচৰত শত্ৰু-মিত্ৰ সকলো সামান। তেওঁৰ মতে আমি সকলোৱে মিলা-প্ৰীতি ৰে থাকিব লাগে। অন্তৰ শুদ্ধ কৰিবলৈ অনশন কৰিব লাগে।নিয়ম শৃংখলা মানি চলিব লাগে।নাৰী জাতিক শ্ৰদ্ধা আৰু শিশুক মৰমৰ চকুৰে চাব লাগে।সত্যক আশ্ৰয় কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে মনৰ বিভেদ -ভাৱ আঁতৰ কৰিব লাগে। গান্ধীজীয়ে ইয়াকে আমাৰ পৰা আশা কৰিছিল।