বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ ২৫ নং বুথৰ সভাপতি জিতেন চুতিয়াদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন

pc Facebook
বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ ২৫ নং বুথৰ সভাপতি জিতেন চুতিয়াদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন
ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় সমষ্টিৰ ২৫ নং বুথৰ সভাপতি জিতেন চুতিয়া যোৱা কিছুদিন পূৰ্বে বৈকুণ্ঠগামী হয় ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকনৰ সৈতে মৃতকৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰয়াত জিতেন চুতীয়া দলৰ এগৰাকী সক্ৰিয় আৰু নিষ্ঠাবান কাৰ্যকৰ্তা আছিল ৷ তেখেতৰ বিয়োগ দলৰ বাবে এক অপুৰণীয় ক্ষতি ৷ “শেষত, তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালৰ সদস্য সকলে এই দুখৰ সময়খিনি ধৈৰ্য আৰু সাহসেৰে পাৰ কৰিবলৈ ঈশ্বৰে শক্তি দিয়ক তাকে কামনা কৰিছোঁ,” – মন্ত্ৰী গৰাকীয়ে এনেদৰে উল্লেখ কৰে।