গতিশীল ব’হাগ- লক্ষী প্ৰসাদ ৰেগন

pc Northeast Now

গতিশীল ব’হাগ

ব’হাগলৈনো আৰু কিমান বাট
এহাল ডাউকক সুধিলোঁ। পুৱাই আহিছিল।
উত্তৰ নাহিল
আচলতে আজিকালি যি টি প্ৰশ্নৰ উত্তৰ পোৱাতো
ইমান সহজ নহয়

যি দেখিছোঁ মদৰজোপাই আশা এৰি দিয়া নাই
মইনো ব’হাগৰ কথা ভাবি কিয় মিছাতে মন বেয়া কৰিব লাগে
অহাতো আহিবই

ব’হাগ এদিন সঁচাকৈ আহিল
গমকে নাপালো মই। গাঁৱৰ ডেকাবোৰো নাই
আজিৰ ব’হাগ
অলপ হ’লেও সুকীয়া। কাৰণ সময় গতিশীল

ব’হাগ গতিশীল

লক্ষী প্ৰসাদ ৰেগন