গড়চুকত আৰক্ষীৰ দ্বাৰা আটক ছাগলী চোৰ

pc-ISRAEL21c

গড়চুকত আৰক্ষীৰ দ্বাৰা আটক ছাগলী চোৰ

অনলাইন বাৰ্ত্তাসেৱা– পশ্চিম গুৱাহাটী গড়চুক আৰক্ষীৰ দল এটাই বৰাগাঁৱৰ পৰা  ১৩ টাকৈ ছাগলী চুৰি কৰি আনি থকা অৱস্থাত পাচঁজনীয়া চোৰৰ দল এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।  আটকাধীন চোৰকেইজন হৈছে ক্ৰমে মহানগৰী পশ্চিম বৰাগাঁৱৰ হাফিজ আলী, তেজপুৰৰ বাৰিকাচুবুৰীৰ চাৰফৰাজ আহমেদ, গুৱাহাটী পাঞ্জাবাৰীৰ চুকাফা পথৰ তিলক যোশী, তেজপুৰ নেপালীপট্টিৰ ইৰফান আহমেদ  আৰু  বৰপেটাৰ সৰ্থেবাৰীৰ মাজদিয়াৰ মণ্টু আলী। ধৃত চোৰকেইজনৰ বিৰুদ্ধে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাৰ অধীনত ৪৭৮/২০২১ নম্বৰত এটা গোচৰ ৰুজ কৰা হৈছে।  গড়চুক আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে।

(R.T)