‘খিৰিকীখন জপাই দিলে ঠেহ পতা শীতবোৰ’- নাৰ্চিছাছ কাশ্যপ

PC Alamy

‘খিৰিকীখন জপাই দিলে ঠেহ পতা শীতবোৰ’

বাহিৰত এখন বজাৰ বহিছে
শীতৰ চেঁচা বজাৰ
আলিটোৰ দুয়োকাষৰ পগলা শীতবোৰ
আঁচলত বান্ধি তই কিয়
বৈ আহ মোৰ খিৰিকীৰ কাষলৈ

তোৰ বেজাৰ ধৰা মুখখনি চাবলৈ মোৰ
আজি ভীষণ ব্যস্ততা

আজৰি পালে চাম দে
বাহিৰৰ বাউলী বতাহ হৈ বৈ অহা তোক
সন্ধিয়াৰ মজলিছত লাগি থকা তোক

খিৰিকীৰ কাষলৈ ঘনাই নাহিবি শীত
মোৰ উমাল হৃদয়ত কবিতাৰ বাবে শব্দ হেৰায়
চেঁচা পেলাই নাযাবি যৌৱনে গচকা
ভমকাফুলীয়া ছবি
শিৰোনাম দিবলৈ মোৰ ভাষা হেৰায়

সপোন দেখিবলৈ তয়েই শিকালি
তোৰেই আকৌ শীতৰ স’তে ধেমালি
মাজ নিশা অকলশৰে
মোৰ হাতত গুজি গ’লি এজাক জোনাক
তাৰ মাজতেই প্ৰেমৰ নতুন আবিৰ

বাহিৰৰ শীতে মোৰ মনৰ চাকি
নুমোৱাব ধৰিছে
খিৰিকীৰ ফাঁকেৰে ঢুকি নাপায়
তোৰ আঁচলত ধৰি অহা চেঁচা পৰশীয়া গীত
সেয়ে আজিলৈ জপাই থৈছোঁ

তই ৰ’দৰ পেৰাটো সাঙুৰি আনিবি
আমি অভিমানী শীতবোৰ সানি ল’ম
আমাৰ বেজাৰ লগা মুখবোৰত
কাৰণ
খিৰিকী জপালেই ই
ঠেহ লগা অভিমানী গীত

নাৰ্চিছাছ কাশ্যপ