কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা প্ৰাপ্তবয়স্কৰ সংখ্যা ৬১% : প্ৰধানমন্ত্ৰী

Pc India Today

কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা প্ৰাপ্তবয়স্কৰ সংখ্যা ৬১% : প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰলৈ দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৬১% তকৈও অধিক প্ৰাপ্তবয়স্ক লোকক কোভিড -১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। “একেদৰে, প্ৰায় ৯০% প্ৰাপ্তবয়স্ক লোকে ভেকছিনৰ এটা পালি লাভ কৰিছে,” তেওঁ লগতে কয়। তেওঁ নতুন কৰোনাভাইৰাছ প্ৰকাৰ অমিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজত দেশবাসীক সম্বোধন কৰিছিল আৰু মানুহক আতংকিত নহ’বলৈ কৈছিল।